/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/94a4bb97-5b61-4a68-99a3-d5f1ebf95641/1.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ ঐতিহাসিক বঙ্গালমাৰী গাঁৱৰ বাৰ্ষিক ভাওঁনা সোণালী জয়ন্তী মহোৎসৱ অহা ২৫ আৰু ২৬ ডিচেম্বৰত দুদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ বঙ্গালমাৰি বাসী ৰাইজে আয়োজন কৰিছে ৷ সেয়ে শুকুৰবাৰে পুৱা ১১ বজাত গায়ন- বায়ন আৰু আয়তীৰ মংগল উৰুলিৰ মাজৰে আনুষ্ঠানিকভাৱে বঙ্গালমাৰি নামঘৰৰ প্ৰাংগনত মহোৎসৱৰ লাইখুটা স্থাপন অনুষ্ঠান ৰাইজে সম্পন্ন কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/529b9a22-b503-40b9-b854-1a25195f6439/8077f276_4180_42b5_9417_62204488977b.jpg)
গুৰুজনাৰ অমৰ সৃষ্টি ৰাজিৰ জীয়াই ৰখাৰ বাবে গাওঁবাসীয়ে অপ্ৰাণ চেষ্টা চলাইছে আৰু ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে ৷ বাৰ্ষিক ভাওনাৰ সোনালী জয়ন্তী উদযাপন সমিতিৰ দীপ কুমাৰ দিহিঙীয়া আৰু সাধাৰণ সম্পাদক ইন্দ্ৰশ্বৰ বৰগোহাঁইয়ে জানিবলৈ দিয়া মতে, সোনালী জয়ন্তী অনুষ্ঠানৰ প্ৰথম দিনা এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a9dab9f3-6ade-48d1-8890-2ae901c04a0a/00ad1e58_f64d_463f_a38f_76b34498272d.jpg)
শেষৰদিনা মুকলি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব অসমৰ সত্ৰীয়া সংস্কৃতিৰ ধজ্জা বাহক তথা আউনীটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী, অসমৰ ভাওনা সন্মিলনৰ সাধাৰণ সম্পাদক ড° মানিক শইকীয়া, লোক সংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়া আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াকে ধৰি অসমৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c88daa40-07c5-4441-9b57-586108911e29/742c19b7_17b0_4ea3_8e4e_ce6f21ce3f2c.jpg)
Also Read: পাকিস্তানৰ বায়ু সেনা ঘাটিত আক্ৰমণ কৰিবলৈ গৈ ৩ সন্ত্ৰাসবাদী নিহত...