/asomiyapratidin/media/media_files/2025/03/18/Nwa8AW4k80rTU3NwEqt4.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ অসম চৰকাৰৰ অনুসূচীত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ ফালৰ পৰা আগৱঢ়োৱা ৩০ লাখ টকা ব্যয় সাপেক্ষে ধুবুৰীত নিৰ্মাণ সম্পূৰ্ণ কৰা আম্বেদকাৰ ভৱনৰ বিশাল গৃহটো উপযুক্ত পৰিচালনা আৰু তত্বাৱধানৰ অভাৱত ধ্বংসৰ দিশলৈ হতি কৰিছে।
২০১৫ চনতে নিৰ্মাণ সম্পূৰ্ণ হোৱা এই ভৱনৰ বেছিভাগ অংশই নষ্ট হৈ পৰাৰ লগতে আজিৰ তাৰিখত একপ্ৰকাৰে ভূত বাংলালৈ পৰিণত হৈছে। ফলত ধুবুৰীৰ সচেতন লোকসকল স্তম্ভিত হৈ পৰিছে।
চৰকাৰী ধনেৰে নিৰ্মাণ কৰা এক ৰাজহুৱা সম্পত্তি এইদৰে নষ্ট হৈ পৰাৰ বিষয়টোৱেও সচেতন মহলক ক্ষোভিত কৰি তুলিছে। উল্লেখ্য যে ভাৰতীয় সংবিধান প্ৰণয়নৰ মূল কাণ্ডাৰী ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ স্মৃতিত ধুবুৰীৰ মেজিষ্ট্ৰেট ক'লনী চৌহদত ড° আম্বেদকাৰৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ লগতে এটি ভৱন নিৰ্মাণৰ অৰ্থে অসম চৰকাৰৰ অনুসূচীত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ ফালৰ পৰা ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়লৈ মুঠ ৩০ লাখ টকাৰ যোগান ধৰা হৈছিল।
আনহাতে উক্ত ভৱনটোৰ চাৰিসীমাৰ দেৱাল আৰু সংযোগী পথ নিৰ্মাণৰ বাবেও অসম চৰকাৰৰ অনুসূচীত জাতিৰ কল্যাণ সঞ্চালকালয়ে মুঠ ৯ লাখ ৬৮ হেজাৰ ৮০০ টকাও ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যোগান ধৰিছিল। ইয়াৰ পিছত ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ে ধুবুৰী লোক নিৰ্মাণ বিভাগৰ পথ আৰু গৃহ উভয় বিভাগৰ জৰিয়তে আম্বেদকাৰ ভৱন আৰু পথ নিৰ্মাণৰ কামখিনি ২০১৫ চনত সম্পূৰ্ণ কৰি তুলিছিল।
ইয়াৰ পিছত ২০১৫ বৰ্ষৰ ২ ছেপ্টেম্বৰত ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰিকল্পনা আৰু উন্নয়ন শাখাৰ শাখা বিষয়াই চিঠি নং ডিডিজি- ১১/২০১০/৯৭ মৰ্মে ধুবুৰীস্থিত লোক নিৰ্মাণ বিভাগ(গৃহ)ৰ কাৰ্যবাহী অভিযন্তালৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা আম্বেদকাৰ ভৱনটো ধুবুৰীৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয় তথা অনুসূচীত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন ব’ৰ্ডলৈ হস্তান্তৰ কৰিবলৈ লিখিতভাৱে জনাইছিল।
সেই তেতিয়াৰ পৰা বৰ্তমানলৈকে আম্বেদকাৰ ভৱনটো অব্যৱহৃত হৈ পৰি থকাৰ বিষয়টোৱে ধুবুৰীৰ সৰ্বসাধাৰণ ৰাইজক স্তম্ভিত কৰি তুলিছে। ৩০ লাখ টকীয়া ব্যয়ৰে নিৰ্মিত সুবিশাল গৃহটোৰ চৌদিশে এতিয়া ঘন জংঘলে ঘেৰি ধৰি ৰাখিছে।
ইতিমধ্যে সংশ্লিষ্ট বিভাগৰ অমনোযোগিতাৰ ফলত আম্বেদকাৰ ভৱনৰ পৰা বহু সামগ্ৰী চোৰে চুৰি কৰি লৈ যোৱা বুলি খবৰ পোৱা গৈছে। ভৱনটোৰ চৌহদত থকা জেনেৰেটৰটোও ৰ'দে-বৰষুণে পৰি থাকি ইতিমধ্যে নষ্ট হৈ পৰা বুলি ৰাইজে অভিযোগ কৰিছে।
চৰকাৰী বৃহৎ পুঁজি ব্যয় কৰি নিৰ্মাণ কৰি উলিওৱা আম্বেদকাৰ ভৱনটোৰ মুকলি হোৱাতো দূৰৰে কথা ভৱনটোৰ সন্মুখ ভাগত সংবিধান প্ৰণেতা ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিমূৰ্তিটো কিয় সংস্থাপিত নহ'ল তাক লৈয়ো বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে। এইক্ষেত্ৰত চৰকাৰী ধনৰ অপচয় নকৰিবলৈ খোদ অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ তেওঁৰ মন্ত্ৰী বৰ্গক নিৰ্দেশ দি থকাৰ পিছতো ধুবুৰীত নিৰ্মাণ সম্পূৰ্ণ হোৱা আম্বেদকাৰ ভৱনটো আজি প্ৰায় ৯ বছৰৰো অধিক সময় পাৰ হৈ যোৱাৰ পিছতো অব্যৱহৃত আৰু পৰিত্যক্ত অৱস্থাত থকাক কেন্দ্ৰ কৰি অসম চৰকাৰ তথা জিলা প্ৰশাসনো সাধাৰণ ৰাইজৰ মাজত তীব্ৰ সমালোচনাৰ সম্মুখীন হোৱা বুলি জানিব পৰা গৈছে।