ধুবুৰী জে'লৰ অধীক্ষক, কয়েদীসহ ৩ জনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

কি চলি আছে ধুবুৰী জিলা কাৰাগাৰত? এবাৰ যদি কাৰাগাৰৰ কোনোবা প্ৰহৰীৰ স্বামীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে তাৰ পাছতেই আকৌ খোদ কাৰাগাৰৰ অধীক্ষক আৰু কয়দীৰ বিৰুদ্ধে অনুৰূপ অভিযোদ উত্থাপন কৰিছে একেগৰাকী যুৱতী প্ৰহৰীয়ে।

author-image
Asomiya Pratidin
New Update
ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

ডিজিটেল সংবাদ ধুবুৰীঃ কি চলি আছে ধুবুৰী জিলা কাৰাগাৰত? এবাৰ যদি কাৰাগাৰৰ কোনোবা প্ৰহৰীৰ স্বামীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে তাৰ পাছতেই আকৌ খোদ কাৰাগাৰৰ অধীক্ষক আৰু কয়দীৰ বিৰুদ্ধে অনুৰূপ অভিযোদ উত্থাপন কৰিছে একেগৰাকী যুৱতী প্ৰহৰীয়ে।

Advertisment

ধুবুৰী জিলাকাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ  দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একেখন কাৰাগাৰৰে কাৰাগাৰৰে এগৰাকী মহিলা প্ৰহৰীয়ে। আনহাতে কাৰাগাৰৰ অধীক্ষকগৰাকীৰ বিৰুদ্ধে এই অভিযোগ ষড়যন্ত্ৰহে আখ্যা দিছে ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃয়ে। যাৰ বাবে সমগ্ৰ বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাইপৰিছে।

উল্লেখ্য যে, ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীৰ বিৰুদ্ধে প্ৰহৰী দীপশিখা ৰাজবংশীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ নস্যাৎ কৰি অধীক্ষক প্ৰশান্ত ৰাজবংশীয়ে কয়, বিগত ২৩ তাৰিখে দীপশিখা ৰাজবংশীৰ নামৰ প্ৰহৰী এগৰাকীয়ে ধুবুৰী কাৰাগাৰত কৰ্মৰত আন এগৰাকী মহিলা প্ৰহৰীৰ স্বামী কৃষ্ণ বৰ্মনৰ বিৰুদ্ধে প্ৰথমে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল।

এই অভিযোগৰ পাছতে তেওঁ বিষয়টোৰ তদন্ত কৰি যোৱা ২৬ নৱেম্বৰত ধুবুৰী জিলা আয়ুক্ত আৰু কাৰাগাৰ মহাপৰিদৰ্শকৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু আজি হঠাৎ যুৱতী প্ৰহৰী দীপশিখা ৰাজবংশীয়ে জিলা কাৰাগাৰ অধীক্ষক প্ৰশান্ত ৰাজবংশী আৰু কয়েদী মজিবুৰ ৰহমানৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে।

স্বাভাৱিকতে এই বিষয়টোৱে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইফালে আজি সাংবাদিকে যুৱতী কাৰা প্ৰহৰী দীপশিখা ৰাজবংশীৰ মাতৃৰ সৈতে ফোনযোগে যোগাযোগ কৰাত মাতৃগৰাকীয়ে তেঁওৰ কন্যা দীপশিখা ৰাজবংশীৰ  বিৰুদ্ধেহে উত্থাপন কৰে ভয়ংকৰ অভিযোগ।

তেওঁৰ মতে কন্যা দীপশিখাই এগৰাকী যুৱকৰ সৈতে মিলি জিলা কাৰাগাৰ অধীক্ষকৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে। কেৱল সেয়াই নহয় দীপশিখাই আনকি মাতৃকো মাৰপিট কৰি ধুবুৰীস্থ জিলা কাৰাগাৰৰ কোৱাৰ্টাৰৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ কৰিছে।

দীপশিখাৰ মাতৃয়ে এই অভিযোগ কৰাত এতিয়া বিষয়টোৰ ৰহস্যৰ মাজলৈ সোমাই পৰিছে। অৱশ্যে সঠিক তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব। 

যৌন নিৰ্যাতন কাৰাগাৰ