ধুবুৰীত এ আই ইউ ডি এফৰ সাধাৰণ সভা

ধুবুৰীত এ আই ইউ ডি এফৰ সাধাৰণ সভা
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰী: লোকসভা নিৰ্বাচনত চৰম ভাৱে পৰাজয় বৰণ কৰা এআইইউডিএফ দলৰ সাংগঠনিক ভেটি পুনৰুদ্ধাৰ কৰাৰ বাবে চলিছে তীব্ৰ প্ৰচেষ্টা। বুধবাৰে ধুবুৰীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হয় এআইইউডিএফৰ জিলা কমিটিৰ সাধাৰণ সভা।

এই সভাত উপস্থিত থাকে ধুবুৰীৰ বিধায়ক নজৰুল হক,বিলাসীপাৰা পশ্চিমৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাচিমি , জনীয়াৰ বিধায়ক ৰফিকুল ইছলামকে ধৰি বহু নেতা কৰ্মী। নতুনকৈ জিলা কমিটী গঠন হোৱাৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ভৱিষ্যত পৰিকল্পনা লৈ বিশদভাৱে আলোচনা হয় এই সভাত। মুঠৰ ওপৰত এআইইউ ডিএফ দল আকৌ শক্তিশালী ৰূপত অসমৰ ৰাজনীতিত গৰজি উঠাৰ দাবী এআইইউডিএফ দলৰ। দলটোৰ দুই এজনৰ বাদে বাকী কোনেও কংগ্ৰেছ দলত যোগদান নকৰে বুলি আজি বিধায়ক নজৰুল হকে স্পষ্ট কৰি দিয়ে।

ধুবুৰীৰ বিধায়ক নজৰুল হকৰ দাবী মৌলানা বদৰ উদ্দিন আজমল নাথাকিলেও তেঁও অকলে এআইইউডি এফ দল ধৰি ৰাখিব তথাপিও কংগ্ৰেছ দলত যোগদান নকৰে বুলি কয়। সভাৰ অন্তত ধুবুৰীৰ বিধায়ক নজৰুল ইছলাম, বিলাসীপাৰা পশ্চিমৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাচিমি আৰু জনীয়াৰ বিধায়ক ৰফিকুল ইছলামৰ অভিযোগ অসমৰ মুখ্যমন্ত্ৰীয়ে মিঞা ৰ নামত অসমত হিন্দু-মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে। অসমৰ সাতাম পুৰুষীয়া সম্প্ৰীতিত বিভেদ সৃষ্টি নকৰিবলৈ আহ্বান এআইইউডিএফৰ বিধায়ক সকলৰ।

ধুবুৰীত এ আই ইউ ডি এফৰ সাধাৰণ সভা
ধুবুৰীত ভুৱা ট্ৰেডিঙৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in