"এ আই ইউ ডি এফ আৰু বিজেপি একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি" - প্ৰাক্তন সাংসদ আব্দুল হামিদ

"এ আই ইউ ডি এফ আৰু বিজেপি একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি" - প্ৰাক্তন সাংসদ আব্দুল হামিদ

ডিজিটেল সংবাদ, চাপৰ: সমাগত লোকসভা নিৰ্বাচন। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি ৰাজ্যত চলিছে নিৰ্বাচনী গৰম বতাহ। কোন দলৰ পৰা কোনে টিকট লাভ কৰিব তাক লৈ চলিছে জল্পনা কল্পনা। পিছে পিছ পৰি ৰোৱা নাই ধুবুৰী জিলাৰ চাপৰ।

ধুবুৰী লোকসভাৰ পৰা ১৯৮৪, ১৯৯৮ আৰু ১৯৯৯ চনত কংগ্ৰেছ দলৰ পৰা জয়ী হৈ তিনিবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আব্দুল হামিদে। এইবেলি পুনৰ কংগ্ৰেছ দলৰ পৰা টিকট লাভ কৰি জয়ী হোৱাৰ আশাবাদী প্ৰাক্তন সাংসদ গৰাকী।

সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰাক্তন সাংসদ গৰাকী ধুবুৰী লোকসভাৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কটাক্ষ কৰি কয় যে, প্ৰতি নিৰ্বাচনৰ পূৰ্বে মৌলানা বদৰুদ্দিন আজমল বিজেপিৰ এজেণ্ট হিচাবে কাম কৰে। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজমল আৰু তেখেতৰ পৰিয়াল অগতানুগতিক কথা কৈ বিজেপিক বঢ়পীৰা খন পাৰি দিয়াৰ বাবে উঠি পৰি লাগিছে। প্ৰকৃততে বিজেপি আৰু AIUDF এটি মুদ্ৰাৰ ইপিঠি সিপিঠি। অসমৰ মুখ্যমন্ত্ৰীৰ সোঁহাত হিচাপে কাম কৰিছে AIUDF বুলিও অভিযোগ উত্থাপন কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে।

কিন্তু আজমল ৰ সৈতে সমানে সমানে প্ৰতিদ্বন্দিতা কৰিবলৈ কংগ্ৰেছ সাজু। আজমল যদি ধুবুৰীৰ পৰা তিনিবাৰ সাংসদ হৈছে। তেওঁৱো তিনিবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল বুলি উল্লেখ কৰে আব্দুল হামিদে।

কিন্তু যোৱা ১৫টা বছৰে আজমলে ধুবুৰী বাসীক কেৱল আভুৱা ভাৰিলে। গতিকে আজমলৰ ৰাজনীতি পৰিসমাপ্তিৰ দিশত। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে আজমলৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ বহু ক্ষতি কৰিছে বুলি উল্লেখ কৰিছে। আজমল তথা AIUDF ৰ সৈতে কংগ্ৰেছ দুনাই মিত্ৰতা নকৰে বুলি প্ৰাক্তন সাংসদ গৰাকী উল্লেখ কৰে। লগতে তেওঁ ধুবুৰী লোকসভাৰ পৰা সাংসদ বদৰুদ্দিন আজমলক ৰুধিবলৈ সমূহ কংগ্ৰেছ কৰ্মী একগোট হৈ আগবাঢ়িব লাগিব বুলিও উল্লেখ কৰে।

"এ আই ইউ ডি এফ আৰু বিজেপি একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি" - প্ৰাক্তন সাংসদ আব্দুল হামিদ
১২জন হিৰো আৰু ১৪০কোটি জনতাৰ প্ৰাৰ্থনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in