ধুবুৰীত স্মাৰ্ট মিটাৰকলৈ AIUDFৰ উত্তাল প্ৰতিবাদ...

ধুবুৰীত স্মাৰ্ট মিটাৰকলৈ AIUDFৰ উত্তাল প্ৰতিবাদ...
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীত বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰকলৈ এ আই ইউ এফ ৰ উত্তাল প্ৰতিবাদ। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিদ্যুৎ বিভাগৰ বিসঙ্গতিপূৰ্ণ স্মাৰ্ট মিটাৰৰ তীব্ৰ বিৰোধিতা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এ আই ইউ এফৰ ধুবুৰী জিলা কমিটীৰ নেতা কৰ্মী সকলে।

ধুবুৰী জিলা কমিটিৰ উদ্যোগত সাব্যস্ত কৰা উক্ত প্ৰতিবাদত এ আই ইউ এফৰ নেতা কৰ্মীয়ে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড আদি লৈ বিদ্যুৎ বিভাগ আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত বিজেপি চৰকাৰ মুৰ্দাবাদ, এ পি ডি চি এল মুৰ্দাবাদ, শক্তি মন্ত্ৰী মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গান দিয়াও দেখা যায় প্ৰতিবাদ কাৰী সকলক।

শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পদত্যাগৰ দাবী কৰে প্ৰতিবাদী সকলে। অসমৰ সৰ্ব সাধাৰণ ৰাইজক জুৰুলা কৰা বিদ্যুৎ বিভাগৰ বিসঙ্গতিপূৰ্ণ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰাৰ দাবীৰে ধুবুৰী জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰী লৈ স্মাৰক পত্ৰও প্ৰদান কৰে প্ৰতিবাদী সকলে।

ধুবুৰীত স্মাৰ্ট মিটাৰকলৈ AIUDFৰ উত্তাল প্ৰতিবাদ...
ছিংগাপুৰত পাপনঃ সংগীতানুষ্ঠান উপভোগ কৰি মন্ত্ৰমুগ্ধ ভূটানৰ ৰাণী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in