/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1f0dd66b-fbee-440f-a4cd-651a1c9cacb3/144.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : অসমত মৃত্যুবৰণ কৰা বাংলাদেশৰ দিনাজপুৰৰ বাবুল মিঞা নামৰ এজন লোকৰ মৃতদেহ সোমবাৰে সন্ধিয়া ভাৰত চৰকাৰে বাংলাদেশক চমজাই দিয়ে। জানিব পৰা মতে, মৃত বাবুল মিঞাৰ ঘৰ বাংলাদেশৰ দিনাজপুৰ জিলাৰ পার্বতীপুৰ উপজিলাৰ ৰুস্তম নগৰত।
ৰুস্তম নগৰৰ প্ৰয়াত জাহাঙ্গীৰ আলমৰ পুত্র হৈছে বাবুল মিঞা। প্ৰায় আঢ়ৈ মাহ পূৰ্বে অসমলৈ বৈধ প্ৰক্ৰিয়াৰে ধুবুৰী জিলা লৈ ফুৰিবলৈ আহিছিল বাবুল মিঞাই। বাবুল মিঞাৰ আলহীৰ ঘৰো খলিচামাৰি এলেকাত আছিল যদিও বাবুল মিঞাৰ আত্মীয়ৰ লোক দুখীয়া হোৱাৰ বাবে পিচত তেঁও অসম-পশ্চিম বংগ সীমান্তৰ ধুবুৰীৰ ছাগলীয়াৰ খলিচামাৰি গাঁৱৰ আব্দুল লতিফ আলী নামৰ এজন লোকৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল।
যোৱা ২৬ জুলাইৰ পুৱা কোঠালীৰ পৰা একো সাৰ শব্দ নকৰাত ঘৰৰ মালিক আব্দুল লতিফ আলীয়ে উপায় বিহীন হৈ পিচত সেই ভাড়া ঘৰটোৰ দুৱাৰ ভাঙি কোঠালিত প্ৰৱেশ কৰাত বাবুল মিঞাৰ মৃতদেহ প্ৰত্যক্ষ কৰে। তেতিয়া ঘৰ মালিক আব্দুল লতিফ আলীয়ে ছাগলীয়া আৰক্ষীক খবৰ দিয়ে।
ছাগলীয়া আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি আগমনী ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল লৈ লৈ আনে। আৰু তাতেই মৃতদেহটো ৰাখি ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰৰ সৈতে যোগাযোগ কৰে।
পিচত আন্ত:ৰাষ্ট্ৰীয় নিয়ম অনুসৰি সোমবাৰে সন্ধিয়া গোলকগঞ্জ আৰক্ষী, বিএছএফৰ উপস্থিতিত বাবুল মিঞাৰ মৃতদেহটো সোনাহাট আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ সীমান্তৰ গে'টেৰে গৈ বাংলাদেশৰ ভুৰুংগামাৰীৰ থানাৰ অ'চি ৰুহুল আমিনৰ লগতে বিজিবিৰ উচ্চপৰ্যায়ৰ বিষয়াৰ উপস্থিতিত মৃতদেহটো বাংলাদেশৰ পৰিয়ালৰ মানুহক চমজাই দিয়া হয় বুলি জানিব পৰা গৈছে।
Also Read: দগো ৰাংছাং গৱেষণা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন