ধুবুৰীত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন

মাজগাঁও সাৰ্বজনীন ৰাস মঞ্চতো পালন সুধাকণ্ঠৰ জন্ম দিৱস

author-image
Asomiya Pratidin
New Update
ধুবুৰীত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ লুইতৰ পাৰত থকা ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেওবাৰে ধুবুৰী জিলা বাৰ্তাজীৱী সংঘ আৰু ধুবুৰী প্ৰেছ ক্লাৱৰ যুটীয়া মঞ্চ ধুবুৰী জিলা জইণ্ট ফ'ৰাম অব জাৰ্ণালিষ্টৰ উদ্যোগত সুধাকণ্ঠৰ জন্মদিন উদযাপন কৰা হয়।

Advertisment

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ধুবুৰী ডাক বিভাগৰ কৰ্মৰত বিষয়া কৰ্মচাৰী তথা চহৰখনৰ ৰাইজ উপস্থিত থাকি মহান শিল্পীগৰাকীক সোঁৱৰণ কৰি আৱক্ষমূৰ্তিত মাল্যাৰ্পণ, ধূপ চাকি জ্বলাই শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে স্থানীয় শিল্পী জিতেন্দ্ৰ নাথ দাসৰ সাৰিন্দাত প্ৰাণ পাই উঠে সুধাকণ্ঠৰ গীত।

উল্লেখ্য যে এসময়ত ধুবুৰীত শিক্ষাগ্ৰহণ কৰা এইগৰাকী মহান শিল্পীক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে এক কথাত সকলোৱে কয় ভূপেন দা আজিও জীয়াই আছে আমাৰ হৃদয়ত। প্ৰতিজন অসমীয়াৰ বুকুত।

ইফালে মাজগাঁও সাৰ্বজনীন ৰাস মঞ্চতো সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিন পালন কৰা হয়। নগাঁও হেল্প প'ৰ পিপল অৰ্গেনাইজেশ্যনৰ উদ্যোগত সোনাইপৰীয়া শিল্পী মঞ্চৰ সহযোগত ড০ ভূপেন হাজৰিকাৰ জয়ন্তী উদযাপন কৰা হয়।

মাজগাঁও সাৰ্বজনীন ৰাস মঞ্চত অনুষ্ঠিত এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি প্ৰথমে বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পাছতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু অঞ্চলটোৰ প্ৰবীণ সত্ৰীয়া শিল্পী বগীৰাম বৰবায়নক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

হিমাশ্ৰী কোঁৱৰ আৰু কাণু কণ্ডলিয়ে আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, কবিতা আবৃত্তিৰ পাছতে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভূপেন হাজৰিকাৰ গীতত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।

Also Read: ষাঠীৰ দশকতেই জাতিক বাট দেখুওৱা ভূপেন হাজৰিকা আজিও প্ৰাসংগিক

bhupen hazarika batadraba