/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/dhubri180c52c1-338b-4aa9-8e24-be93c5348c26.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ মঙলবাৰে অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা আৰু কোকৰাঝাৰৰ লগতে ধুবুৰীতো অনুষ্ঠিত হোৱা নিৰ্বাচন প্ৰায় শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হয়৷ বাতৰি যুগোত কৰা লৈকে ধুবুৰী মহকুমাৰ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত কোনো ঠাইতে কোনো অপ্ৰিতীকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা হোৱা নাই৷ উল্লেখ্য যে, এইবেলি ১০টাকৈ বিধানসভা সমষ্টিৰ ধুবুৰী লোকসভা আসনখনৰ বাবে মুঠ ১৫ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছিল৷
মিত্ৰজোঁটৰ অগপৰ জাবেদ ইছলাম, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীসহ অন্যান্য প্ৰাৰ্থীসকলেও সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ একাংশ ভোটকেন্দ্ৰত উপস্থিত হৈ নিজৰ নিজৰ দলীয় কৰ্মীৰ পৰা ভোটদান সন্দৰ্ভত বুজ লয়৷ ইফালে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ সন্ধিয়া সাত বজাত অন্ত পৰাৰ পিছত সন্ধিয়াৰ ভাগৰ পৰা ধুবুৰী মহকুমাৰ তিনিওটা বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ মুঠ ৭৩২ ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত কৰা পোলিং আৰু প্ৰিজাইডিং বিষয়াৰ দলসমূহে নিজৰ নিজৰ ইলেকট্ৰ'নিক ভোটিং মেছিন (ইভিএম)বোৰ কটকটীয়া নিৰাপত্তাৰে ধুবুৰী ষ্ট্ৰং ৰূমলৈ লৈ উভতে৷
সেই দলসমূহৰ পৰা জিলা প্ৰশাসনে ইভিএমবোৰ সংগ্ৰহ কৰি ধুবুৰীস্থ পুথিভঁৰাল ভৱনত নিৰ্মিত ষ্ট্ৰংৰূমত ৰখাৰ ব্যৱস্থা হাতত লৈছে৷ ইতিমধ্যে সমগ্ৰ সেই অঞ্চলটোত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানে নিৰাপত্তা বেহু গঢ়ি তুলাও প্ৰত্যক্ষিত হৈছে৷ জিলা প্ৰশাসনে সদৰি কৰা অনুসৰি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ ষ্ট্ৰংৰূমত সকলো ইভিএম মেছিনসমূহ আহি পোৱাৰ পিছত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী অথবা তেওঁলোকৰ প্ৰতিনিধিৰ উপস্থিতিত চিল কৰা হ'ব৷ শেহতীয়াকৈ সন্ধিয়া ৭ বজাৰ বাতৰি অনুসৰি এইবেলি ধুবুৰী লোকসভা সমষ্টিৰ ১৮ লাখ ৫৬ হাজাৰ, ১৬৮ গৰাকী ভোটাৰৰ ভিতৰত ৮৬.৯৪ শতাংশ ভোটদান সম্পন্ন হৈছে। অৱশ্যে পৰৱৰ্তী সময়ত ভোটৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, সন্ধিয়া ৫ বজালৈ লোকসভা আসনখনৰ ১০টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি মানকাচৰ বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ ৮৭%, দক্ষিণ শালমাৰাৰ ৯১%, ধুবুৰীৰ ৮৯.৮৫%, গৌৰীপুৰৰ ৮৬.০২%, গোলকগঞ্জৰ ৮৯.৩৪%, বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ ৮০%, বিলাসীপাৰা পূবৰ ৮১%, গোৱালপাৰা পূবৰ ৮৭.৬৩%, গোৱালপাৰা পশ্চিমৰ ৮৯.৭৮% আৰু জলেশ্বৰ বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ ৮৮.৩৪%৷ অৱশ্যে জিলা প্ৰশাসনে বিয়লি ৫ বজাতেই সদৰি কৰা ভোটদানৰ সেই গঢ় হাৰ আগলৈ গৈ বৃদ্ধি পোৱাৰো সম্ভাৱনা নথকা নহয়।