ধুবুৰীৰ উপায়ুক্ত হিচাপে দিবাকৰ নাথৰ দায়িত্ব গ্ৰহণ

ধুবুৰী জিলা উপায়ুক্ত হিচাপে সোমবাৰে দায়িত্ব গ্ৰহণ কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দিবাকৰ নাথে ৷
ধুবুৰীৰ উপায়ুক্ত হিচাপে দিবাকৰ নাথৰ দায়িত্ব গ্ৰহণ

ডিজিটেল সংবাদ, বিলাসীপাৰা: ধুবুৰী জিলা উপায়ুক্ত হিচাপে সোমবাৰে দায়িত্ব গ্ৰহণ কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দিবাকৰ নাথে ৷ ৰাজ্য চৰকাৰে শেহতীয়া এক নিৰ্দেশযোগে লোক নিৰ্মাণ বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অন্বামুথন এম পিৰ পৰা তেওঁ ধুবুৰীৰ উপায়ুক্তৰ দায়িত্ব চমজি লয় ৷

২০১৭ বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দিবাকৰ নাথ ইয়াৰ পূৰ্বে কাৰ্বি আংলঙৰ উপায়ুক্ত আছিল ৷ আজি সন্ধিয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে অন্বামুথন এম পিক বিদায় সম্ভাষণ জনোৱা হয়৷

একেটা অনুষ্ঠানতে নতুনকৈ দায়িত্ব গ্ৰহণ কৰা উপায়ুক্ত দিবাকৰ নাথক আদৰণি জনোৱা হয়৷ অনুষ্ঠানত জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিবানী প্ৰমুখ্যে অতিৰিক্ত উপায়ুক্তসকল, সহকাৰী আয়ুক্তসকল, বিভিন্ন বিভাগৰ বিষয়াসকল আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰীসকল উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in