চৰকাৰী বিদ্যালয়ত দুৰ্বৃত্তৰ লুট-পাট

ধুবুৰী জিলাৰ গৌৰীপুৰস্থিত এখন চৰকাৰী বিদ্যালয়ত দুৰ্বৃত্তই চলালে লুট-পাট। জিলা খনৰ গৌৰীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত নাইদেৰগাঁওৰ ২৪৭৯ নং ছৰিতুল্যা বেপাৰী এল,পি স্কুলত দুৰ্বৃত্তই চলালে এই লুট-পাট অভিযান।

author-image
Asomiya Pratidin
New Update
দুৰ্বৃত্তৰ লুট-পাট

দুৰ্বৃত্তৰ লুট-পাট

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী জিলাৰ গৌৰীপুৰস্থিত এখন চৰকাৰী বিদ্যালয়ত দুৰ্বৃত্তই চলালে লুট-পাট। জিলা খনৰ গৌৰীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত নাইদেৰগাঁওৰ ২৪৭৯ নং ছৰিতুল্যা বেপাৰী এল,পি স্কুলত দুৰ্বৃত্তই চলালে এই লুট-পাট অভিযান। ৰাতি এন্ধাৰৰ সুযোগলৈ বিদ্যালয় খনৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ লণ্ডভণ্ড কৰাৰ লগতে যাবতীয় সা-সামগ্ৰী সমূহ ভাঙি চুৰমাৰ কৰে। ইমানতে ক্ষান্ত নাথাকি অগ্নি সংযোগ কৰাৰো চেষ্টা চলায় দুৰ্বৃত্তই। 

Advertisment

ইফালে মুখ্যমন্ত্ৰীয়ে দিয়া গামোচা দুখনৰ লগতে জিলা ভিত্তিক প্ৰতিযোগিতাৰ প্ৰথম স্থান দখল কৰাৰ পুৰস্কাৰো লৈ যায় দুৰ্বৃত্তৰ দলটোৱে। সোমবাৰে পুৱাৰ ভাগতে প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়ত উপস্থিত হোৱাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। বিদ্যালয়খনত চুৰি হোৱা সন্দৰ্ভত স্থানীয় ৰাইজৰ লগতে পৰিচালনা সমিতিকো অৱগত কৰে শিক্ষক-শিক্ষয়িত্ৰী সকলে। 

 চুৰিকাণ্ড সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ দল এটাই সোমবাৰে বিদ্যালয়খনত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে। শিক্ষানুষ্ঠান এখনত এনেদৰে দুৰ্বৃত্তৰ দল এটিয়ে চাফাই অভিযান চলোৱাৰ লগতে লুট-পাট চলোৱা কাৰ্যক সকলোৱে একেমুখে গৰিহনা দিয়াৰ লগতে দুৰ্বৃত্তৰ দলটোক অতি সোনকালে কৰায়ত্ব কৰাৰ বাবে দাবী জনাইছে ।

বিদ্যালয় ধুবুৰী