/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/ef9bab01-2de3-418d-ac2c-0ed545ce0cc8.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ধুবুৰী লোকসভা নিৰ্বাচনৰ বাবে যোৱা ২৩ এপ্ৰিল তাৰিখে ভোট গ্ৰহণ শান্তিপূৰ্ণভাবে অনুষ্ঠিত হৈছিল যদিও দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ তিনিটা ভোট গ্ৰহণ কেন্দ্ৰত মোগ পোল আৰু ভিভিপেটৰ অসুবিধাৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগে পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিয়ে জিলা প্ৰশাসনক। ৬ মে' তাৰিখে এই ভোট গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়াৰ পাছত দেওবাৰে জিলা প্ৰশাসনৰ উদ্যোগত জিলা খনৰ বিসংগতি থকা তিনিওটা ভোট গ্ৰহণ কেন্দ্ৰলৈ পুনৰ পুলিং পাৰ্টি প্ৰেৰণ কৰে। সোমবাৰে পুৱা সাত বজাৰ পৰা বিয়লি পাঁচ বজালৈ পূৰ্বৰ দৰেই চলিব ভোট গ্ৰহণ। নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে জিলা প্ৰশাসনে ভোটাৰসকলক আহ্বান জনাইছে।
উল্লেখ্য যে, জিলাখনৰ অধীনত থকা ২১ নং মানকাচৰ সমষ্টিৰ ১৬৭ নম্বৰ বাউশকাটা এম ই মাদ্ৰাছা আৰু ২২ নং দক্ষিণ শালমাৰা সমষ্টিৰ ২২ নং কাটলিপাৰা এম ই মাদ্ৰাছা আৰু ২১৯ নং ভোট গ্ৰহণ কেন্দ্ৰত হ'ব পুনৰ ভোট গ্ৰহণ। ২১৯ নং ভোট গ্ৰহণ কেন্দ্ৰৰ বিদ্যালয়খনৰ নাম লাওখোৱা এল পি স্কুল। মানকাচৰ সমষ্টিৰ ১৬৭ নং ভোট গ্ৰহণ কেন্দ্ৰত ৬৯১ টা ভোট থকাৰ লগতে দক্ষিণ শালমাৰা সমষ্টিৰ ২২ নং ভোট গ্ৰহণ কেন্দ্ৰত ১০৮৭ টা ভোট থকাৰ বিপৰিতে ২১৯ নং ভোট গ্ৰহণ কেন্দ্ৰত ৯৮০ টা ভোট আছে বুলি জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে জানিবলৈ দিছে।
শান্তিপূৰ্ণভাবে ভোট গ্ৰহণৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে পুনৰ ভোট গ্ৰহণত যাতে পুনৰবাৰ কোনো বিসংগতি নহয় তাৰ বাবে পুলিং বিষয়াসকলক সঠিক ভাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা উপায়ুক্তই জানিবলৈ দিয়ে। তদুপৰি ভোট গ্ৰহণ কেন্দ্ৰত জিলা প্ৰশাসনৰ পৰা উচ্চ পদস্থ বিষয়াও প্ৰেৰণ কৰা হৈছে বুলি জনা গৈছে।