/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dhubri.jpg)
ডিজিটেল সংবাদ, ধুবুৰী: শান্তিপূৰ্ণভাৱে, আনন্দৰ মাজেৰে আৰু আইন ৰক্ষা কৰি ঈদ-উজ-জোহা উদযাপন কৰিবলৈ ধুবুৰী জিলাৰ সকলো ইছলামধৰ্মী লোকলৈ আহ্বান জনাইছে ধুবুৰীৰ উপায়ুক্ত আনবামুথান এম পি আৰু আৰক্ষী অধীক্ষক অভিজিত গুৰাৱে ৷
শুকুৰবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ধুবুৰীৰ বিভিন্ন ঈদগাহ সমিতি, মছজিদ সমিতি আৰু ধুবুৰী বাৰ এছ'ছিয়েচনৰ প্ৰতিনিধিৰ সৈতে ঈদ উদযাপন সন্দৰ্ভত বৈঠকত মিলিত হৈ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে কয় যে ঈদৰ কোৰবানিৰ ক্ষেত্ৰত প্ৰচলিত আইন আৰু চৰকাৰৰ নিৰ্দেশনা সকলোৱে মানি চলিব লাগিব ৷ লগতে সাম্প্ৰদায়িক সম্প্ৰীতিত আঘাট হানিব পৰা কোনোধৰণৰ পদক্ষেপ বা কৰ্মত যাতে কোনো লোক জড়িত নহয় তাৰ বাবেও তেওঁলোকে আহ্বান জনায় ৷
বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ধুবুৰীত সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে ঈদ উদযাপনত সকলো পক্ষৰে সহযোগিতা কামনা কৰে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে৷ বৈঠকত উপস্থিত ঈদগাহ সমিতি, মছজিদ সমিতিৰ প্ৰতিনিধি আৰু বাৰ এছ'চিয়েছনৰ অধিবক্তাই শান্তিপূৰ্ণভাৱে ঈদ উদযাপনৰ বাবে সকলো পদক্ষেপ লোৱা হ'ব বুলি কয় ৷
তেওঁলোকে আন ধৰ্মৰ লোকৰ অনুভূতিত আঘাট নিদিয়াকৈ ঘৰৰ চৌহদতে কোৰবানি কাৰ্য সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী, ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সান্যাল, ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া হিমাংশু শালৈ প্ৰমুখ্যে বিভিন্ন বিভাগৰ কেবাজনো বিষয়া উপস্থিত থাকে৷
আৰু পঢ়ক: পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি, দাৰে ঘপিয়াই হত্যা, ৰায়দান দিলে আদালতে…