/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9ecaf5a0-a21f-457a-b594-0e0bdf73abcc/dhubri_bunglow.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : কালী পূজা আৰু দীপাৱলীৰ শান্তিপূৰ্ণ উদযাপনৰ লক্ষ্যৰে ধুবুৰী জিলা প্ৰশাসনে ধুবুৰী টাউনত থকা ডাক বাংলোত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে ৷ ৰাইজে যিকোনো তথ্য বা বাৰ্তাৰ বাবে নিয়ন্ত্ৰণ কক্ষৰ সৈতে উল্লেখ কৰা ফোন নম্বৰ তিনিটাত যোগাযোগ কৰিব পাৰিব- 03662-231149, 8134913269 আৰু 1077 (টোল ফ্ৰি) ৷
আগন্তুক ২৪ আৰু ২৫ অক্টোবৰৰ যিকোনো সময়ত ৰাইজে নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব ৷ নিয়ন্ত্ৰণ কক্ষত দিনে-নিশাই চৰকাৰী কৰ্মচাৰী থাকিব আৰু তেওঁলোকে ৰাইজৰ পৰা লাভ কৰা সকলো গুৰুত্বপূৰ্ণ তথ্য/বাৰ্তা পঞ্জীয়ন কৰি উপযুক্ত পদক্ষেপ গ্ৰহণৰ বাবে সংশ্লষ্ট বিভাগ বা বিষয়ালৈ প্ৰেৰণ কৰিব বুলি ধুবুৰী জিলা জনসংযোগ বিষয়াই তথ্য সদৰি কৰে।