দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ বাবে সাজু হৈ উঠিছে ধুবুৰী...

দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ বাবে সাজু হৈ উঠিছে ধুবুৰী...

ডিজিটেল সংবাদ, ধুবুৰী : কালি শাৰদীয় দুৰ্গোৎসৱৰ নৱমী পূজা সম্পন্ন হোৱাৰ পিছতেই আজি দশমী। সমগ্ৰ ধুবুৰী জিলাৰ সৰ্বমুঠ ৩৭৮ টা পূজা মণ্ডপ স্থলীৰ দেৱী দূৰ্গাৰ বিসৰ্জনক লৈ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ধুবুৰী সদৰ আৰক্ষী থানাৰ অধীনস্থ মুঠ ১০৪ টা পূজা সমিতিৰ পূজা মণ্ডপত প্ৰতিষ্ঠিত হৈ থকা দেৱী দুৰ্গাৰ প্ৰতিমাক সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা আৰু নীতি-নিয়মৰ মাজেৰে আজি দশমীৰ সন্ধিয়া মহাবাহু ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ'ব ।

দেৱী দুৰ্গাক বিসৰ্জন দিয়াৰ বাবে পূৰ্ণ প্ৰস্তুতি তুংগত কৰি তুলিছে ধুবুৰীৰ পূজা সমিটি আৰু ধুবুৰী জিলা প্ৰশাসনে । ধুবুৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ কাছাৰী ঘাটত বিসৰ্জন দিয়া হ'ব ধুবুৰী চহৰৰ ১০৪ টা মণ্ডপৰ দুৰ্গা প্ৰতিমাক । বিসৰ্জনৰ বাবে স্থায়ীভাৱে ব্যৱহৃত কাছাৰীঘাটটো মেৰামতি কৰি সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে জিলা প্ৰশাসনে । প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সময় অনুসৰি আজি পুৱা দশমী পূজা সম্পন্ন হোৱাৰ পিছত দুৰ্গা প্ৰতিমাক সু-সজ্জিত ট্ৰাকত উঠাই এঘাৰ বজাত শোভাযাত্ৰা আৰম্ভ কৰাৰ লগতে আবেলি চাৰি মান বজাত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটত বিসৰ্জন পৰ্ব আৰম্ভ হ'ব ।

উল্লেখযোগ্য যে, শাৰদীয় দুৰ্গোৎসৱৰ বাবে বিখ্যাত ধুবুৰী চহৰত প্ৰতিবছৰৰ দৰে এইবাৰো দেৱী দুৰ্গাৰ প্ৰতিমাক ট্ৰাকত উঠাই শোভাযাত্ৰা উলিওৱা হ'ব । আনহাতে পূৰ্ব পৰম্পৰা অনুসৰি ১৩৩ বছৰত ভৰি দিয়া হৰিসভা পূজা মণ্ডপৰ প্ৰতিমা শোভাযাত্ৰাৰ প্ৰথমস্থানত থাকিব ৷ মন কৰিবলগীয়া যে, দেৱী দুৰ্গাক বিসৰ্জনৰ পূৰ্বে উলিওৱা শোভাযাত্ৰাৰ ক্ষেত্ৰত ধুবুৰীৰ শোভাযাত্ৰা ৰাজ্যখনৰ ভিতৰত অন্যতম হিচাবে বিবেচিত হৈ আহিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in