/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/nagaon-p.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰাক পদ্দোন্নতি সহ বদলি কৰা হৈছে চি আই ডি লৈ ৷ চি আই ডি জোনেল ৱানৰ আৰক্ষী অধিক্ষক পদলৈ বদলি কৰা হৈছে এ পি এছ ধ্ৰুব বৰাক ৷
পূৰ্বতে বৰাক ১৬ নং বৰমনিপুৰ বেটেলিয়নলৈ বদলি কৰা হৈছিল ৷ বৰাই নগাঁৱৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল যদিও নতুন কৰ্মস্থলীত যোগদান কৰিব পৰা নাছিল ৷
গৃহবিভাগে দেওবাৰে নিশা জাৰি কৰা এক নিৰ্দেশ মৰ্ম্মে বৰমনিপুৰৰ ১৬ নং বেটেলিয়নৰ অধিনায়ক অৰ্ণৱ ডেকাৰ পূৰ্বৰ বদলিৰ নিৰ্দেশ নাকচ কৰি ডেকাক পূৰ্বৰ পদতে অধিস্থিত কৰে ৷ ধ্ৰুব বৰাৰো পূৰ্বৰ নিৰ্দেশ নাকচ কৰি নগাঁৱৰ পৰা চি আই ডিৰ অধীক্ষক হিচাপে উলুৱাৰীলৈ বদলি কৰা হৈছে ৷
আৰু পঢ়ক: বকো আৰক্ষীৰ গাঞ্জাৰ বিৰূদ্ধে অভিযান, গ্ৰেপ্তাৰ এজন