জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত কি ক'লে এছ পি ধ্ৰুব বৰাই?

জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ হোৱাৰ কথা প্ৰকাশ কৰিলে চি আই ডি মধ্য মণ্ডলৰ এছ পি ধ্ৰুব বৰাই

author-image
Asomiya Pratidin
New Update
অভিযোগ! সহজভাৱে ল'ব নোৱাৰে জোনমণিৰ মৃত্যুক...

ডিজিটেল ডেস্কঃ জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ হোৱাৰ কথা প্ৰকাশ কৰিলে চি আই ডি মধ্য মণ্ডলৰ এছ পি ধ্ৰুব বৰাই ৷ তদন্তৰ সন্দৰ্ভত মুখ খোলা নাই তদন্তকাৰী বিষয়াই ৷ তেওঁ কয় যে, ঘটনা সন্দৰ্ভত উৰ্দ্ধতম কৰ্তৃপক্ষই সদৰী কৰিব সংবাদ মাধ্যমক। ইয়াৰ বাহিৰে অন্য মন্তব্য দিয়াৰ পৰা বিৰত থাকে বৰা।

Advertisment

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু সমগ্ৰ ৰাজ্যতে চৰ্চাৰ বিষয় হৈ পৰিছে। জোনমণি ৰাভাৰ মৃত্যুক লৈ নিতৌ পোহৰলৈ আহিছে ন ন তথ্য। একাংশই অভিযোগ কৰিছিল যে এয়া দুৰ্ঘটনা নহয়, এক হত্যাকাণ্ডহে। তাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ চিআইডিক নিৰ্দেশ দিছিল।

জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্য অব্যাহত থকাৰ মাজতেই আজি এজন যুৱকে বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয় যে, উক্ত ঘটনাৰ দিনা সেই স্থানতে আছিল তেওঁ। য'ত দেখিছিল, জোনমণিৰ গাড়ীখন এটা স্থানতে ৰৈ আছিল আৰু ৰৈ থকা গাড়ীতহে খুন্দা মাৰিছিল কন্টেইনাৰখনে। অৱশ্যে ঘটনাৰ সত্যতা চিআইডিৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব।

Also Read: ছ'চিয়েল মিডিয়াৰ যোগেদি চিনাকী, লগ কৰিবলৈ আহি কিশোৰীক দলবদ্ধ ধৰ্ষণ ৪ যুৱকৰ

Assam police