ছ'চিয়েল মিডিয়াৰ যোগেদি চিনাকী, লগ কৰিবলৈ আহি কিশোৰীক দলবদ্ধ ধৰ্ষণ ৪ যুৱকৰ

কোকৰাঝাৰত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

author-image
Asomiya Pratidin
New Update
ছ'চিয়েল মিডিয়াৰ যোগেদি চিনাকী, লগ কৰিবলৈ আহি কিশোৰীক দলবদ্ধ ধৰ্ষণ ৪ যুৱকৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি ছ'চিয়েল মিডিয়াৰ যোগেদি কেইজনমান যুৱকে চিনাকী হৈছিল এগৰাকী কিশোৰীৰ লগত।

Advertisment

ধুবুৰী জিলাৰ প্ৰতাপগাড়ীৰ ৰুবেউল ৰহমান (১৮) ,ইমৰান হুছেইন(১৯), আনোৱাৰ হুছেইন(২০) আৰু মমিনুৰ ৰহমানে(২৪) মঙলবাৰে কিশোৰী গৰাকীক লগ ধৰিবলৈ আহে আৰু মাৰুতী ভেনত উঠাই লৈ যায় । ছেৰফাংগুৰী - দোতমা পথেৰে আহি থাকোতে দোতমা আৰক্ষীয়ে নিয়মীয়া তালাচীত যুৱককেইজন ধৰা পৰে আৰু আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰে।

ইপিনে কিশোৰী গৰাকীক মাৰুতী ভেনত উঠাই যৌন নিৰ্যাতন কৰাৰ অভিযোগত দোতমা থানাত গোচৰ নং ১০/২০২৩ মৰ্মে আৰক্ষীয়ে অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ এক গোচৰ ৰজু কৰিছে। ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৬৩/৩৭৬ডি /৩২৮ আৰু RW ধাৰাৰ ৬ অধীনত পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

কিশোৰী গৰাকীক প্ৰথমে অপহৰণ আৰু পিছত চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণৰ অভিযোগত বুধবাৰে আদালতে চাৰি অভিযুক্তক তিনি দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে ৰুবেউল ৰহমান নামৰ যুৱকজনে প্ৰথমে ছ'চিয়েল মিডিয়াত কিশোৰী গৰাকীৰ স'তে চিনাকী হৈছিল।

Also Read: কোনোৱে মানি লোৱা নাই চৰ্ত! জয়ৰ পাছতো কৰ্ণাটক কংগ্ৰেছত সংঘাত...

Assam police