/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/AP-FOR-WEB-science.jpg)
ডিজিটেল ডেস্ক: আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰে দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাই। দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ধৃতিৰাজে বিজ্ঞান শাখাত ৪৯১ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। উল্লেথ্য যে, মেট্ৰিকটো স্থান লাভ
ফলাফল হোৱাৰ পাছতেই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ধৃতিৰাজে কয় যে তেওঁ প্ৰথমে এজন ভাল মানুহ হ'ব বিচাৰে যাতে মৃত্যুৰ পাছত সকলোৱে তেওঁক মনত ৰাখে। তেওঁ কয় যে ১০ জনৰ যাতে মই উপকাৰ সাধন কৰিব পাৰে।
তাৰ পাছতেই ধৃতিৰাজে নিজৰ সপোনৰ কথা কয়। তেওঁ কয় যে তেওঁ ইতিমধ্যেই KVPY ( কিশোৰ বিজ্ঞানী প্ৰোতসাহন যোজনা)ত সৰ্বভাৰতীয় ৰেংকিঙত স্থান পাইছে।জলপানিও লাভ কৰিছে ধৃতিৰাজে।
লগতে কয় যে তেওঁৰ লক্ষ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইন্স এডুকেচ্যন এণ্ড ৰিচাৰ্চত নাম ভৰ্তি।তাত তেওঁৰ বি এছ চি কৰাৰ মন। উল্লেখ্য যে, KVPY পৰীক্ষাত উত্তীৰ্ণ হ'লে ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইন্স এডুকেচ্যন এণ্ড ৰিচাৰ্চত কিছু সহজ হয়। এই প্ৰতিষ্ঠানটো বিশ্বৰ ভিতৰতে এটা নাম থকা প্ৰতিষ্ঠান।
আৰু পঢ়ক: নগাঁও আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত ড্ৰাগছৰ বিৰোধী অভিযান…