কোৰোনাৰ গ্ৰাসত পৰি অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল ষ্টেট বেংকৰ ঢকুৱাখনা শাখা…

কোৰোনাৰ গ্ৰাসত পৰি অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল ষ্টেট বেংকৰ ঢকুৱাখনা শাখা…

author-image
asomiyapratidin
New Update
কোৰোনাৰ গ্ৰাসত পৰি অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল ষ্টেট বেংকৰ ঢকুৱাখনা শাখা…

ডিজিটেল  সংবাদ ঢকুৱাখনা: অৱশেষত  আকাংক্ষিত ভাবেই  তলা ওলমিল ভাৰতীয় ষ্টেট বেংকৰ ঢকুৱাখনা শাখাত।  স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি বেংকটোৰ কৰ্তৃপক্ষই অনিৰ্দিষ্ট কাললৈ ঢকুৱাখনা নগৰৰ মহালক্ষ্মী ভৱনত অৱস্থিত বেংকটো বন্ধ ৰখাৰ জাননী জাৰি কৰিছে। ভয়াবহ কোৰোনাৰ কৰাল গ্ৰাসত পৰি বেংকটোৰ শাখা প্ৰবন্ধক বিনন্দ বিকাশ শইকীয়া , সহকাৰী প্ৰবন্ধক তথা একাউন্ট অফিচাৰ সন্তোষ প্ৰসাদকে ধৰি মুঠ ৪ গৰাকী বিষয়া কৰ্মচাৰী  শেহতীয়াকৈ আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত  মঙ্গলবাৰৰ পৰা অনিৰ্দিষ্ট সময়লৈ  বেংকৰ শাখাটো বন্ধ কৰা হৈছে।

Advertisment

বেংক কৰ্তৃপক্ষই জনোৱা মতে পৰৱৰ্তী সময়ত বিষয়া কৰ্মচাৰী সকলৰ কোভিড পৰীক্ষা কালত ঋণাত্মক ফলাফল নহা পৰ্যন্ত বেংকৰ সেৱা বন্ধ ৰখা হৈছে চৰকাৰী নিৰ্দেশনা অনুসৰি।  অৱশ্যে  আক্ৰান্ত নোহোৱা বিষয়া কৰ্মচাৰী সকলক কৰ্মথলীৰ পৰা আঁতৰি যাবলৈ অনুমতি দিয়া নাই শীর্ষ বিষয়াই । সম্প্ৰতি মূৰব্বীবিহীন হৈ পৰা বেংকটোত উৰ্ধতন কৰ্তৃপক্ষই গ্ৰাহকৰ প্ৰতি সেৱা অব্যাহত ৰাখিবলৈ  কোনো অস্থায়ী বিষয়াক নিযুক্তি দিলে পুনৰ বেংকটোৰ সেৱা আৰম্ভ কৰিব বুলি জানিবলৈ দিছে বেংকৰ সূত্ৰটোৱে ।

উল্লেখ্য যে ঢকুৱাখনা নগৰত দিনক দিনে ভয়াবহ অতিমাৰী কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাই আহিছে যদিও ৰাইজ সজাগ আৰু সচেতন হোৱা পৰিলক্ষিত হোৱা নাই । নগৰৰ হাট-বাট , দোকান-পোহাৰ,গাড়ী-বাইকলৈ সমবেত হোৱা গৰিষ্ঠ সংখ্যক নাগৰিকৰ কোভিড নীতি নিৰ্দেশনা অমান্য কৰাৰ যি অবিবেচকী প্ৰতিযোগিতা চলিছে তাৰ জৰিয়তে অচিৰেই সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ পূৰ্ণ আশংকা কৰা হৈছে ।

এই ক্ষেত্ৰত ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীয়ে জন জনসজাগতা সৃষ্টিৰে  আইন উলংঘাকাৰীক জৰিমনা পৰ্যন্ত বিহিছে যদিও একাংশ নাগৰিকৰ বেপৰোৱামীত নাকী লগোৱাতো সম্ভৱ হৈ উঠা নাই ।  ঢকুৱাখনাৰ নাগৰিক এই ক্ষেত্ৰত সচেতন নহলে আহিবলগীয়া সময়ত জটিল পৰিস্থিতিৰ উদ্ভৱ হোৱাটো নুই কৰিব নোৱাৰি । ঢকুৱাখনা স্বাস্থ্য খণ্ড আৰু ঢকুৱাখনা আৰক্ষী বিভাগে ৰাজ্য চৰকাৰৰ কোভিড বিধি মানি সতৰ্কতামূলক আৰু সাৱধানতা মূলক কাৰ্য ব্যবস্থা গ্ৰহণত পলম নকৰিবলৈ নাগৰিক সমাজৰ প্রতি আহ্বান জনাইছে ।