/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/dhokuakhana-3.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা : অসম চৰকাৰৰ টি ৫১/১৯৪৮.নম্বৰৰ পঞ্জীয়নভুক্ত ঢকুৱাখনা কো অপাৰেটিভ মাৰ্কেটিং এণ্ড প্ৰচেছিং চচাইটি লিমিটেডৰ পৃষ্ঠপোষকতাত চচাইটি গৃহৰ কোঠা আৱন্তনৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উত্থাপিত হৈছে কৰ্মহীন নিবনুৱাক স্বাৱলম্বন আৰু স্বনিৰ্ভৰশীল হোৱাত সহায়ক হোৱাকৈ নিৰ্মিত চচাইটিৰ দোকান গৃহসমূহ আৱন্তন দিয়া আৰু পূৰ্ব চৰ্ত অনুসৰি সুচল ভাবে নিৰ্মাণ নকৰাকে ধৰি দেধাৰ গুৰুতৰ অভিযোগ ।
১৯৪৮ চনতে প্ৰতিষ্ঠা লাভ কৰা চচাইটিখন পৰিচালনাত সীমাহীন স্বজন তোষন আৰু স্বেচ্ছাচাৰী নীতিৰ আশ্ৰয় লৈ চচাইটিৰ সভাপতি ৰাতুল গগৈয়ে দোকানৰ কোঠা আৱন্তন দিয়া আৰু আবন্তিত দোকানলৈ গ্ৰাহক আৰু সামগ্ৰী সৰবৰাহ কৰিবলৈ সুচল পথ নৰখা আদি অবিজ্ঞানসন্মত নিৰ্মাণকলৈ সোচ্চাৰ হৈ উঠিছে ইয়াৰ ক্ষুদ্ৰ ব্যৱসায়ী একাংশ । "অসমীয়া প্ৰতিদিন ডিজিটেল"ক একাংশ ক্ষুব্ধ আৰু অতিষ্ঠ চচাইটিৰ কোঠা আৱন্তন প্ৰাপ্ত ক্ষুদ্ৰ ব্যৱসায়ীয়ে অভিযোগ কৰা মতে মাৰ্কেটিং চচাইটিৰ কাৰ্য্যালয় গৃহ ভাঙি নতুন ব্যৱসায়িক কোঠা নিৰ্মাণৰ পূৰ্বে যিসকল ব্যৱসায়ীক ভিতৰ ভাগলৈ চচাইটিৰ কোঠা মাহিলি ভাড়াৰ বিমিময়ত আৱন্তন দিয়া হৈছিল সেই আৱন্তন প্ৰদানৰ পূৰ্বে সভাপতি গৰাকীয়ে ভিতৰত অৱস্থিত দোকানসমূহলৈ গ্ৰাহক আৰু দোকানৰ সামগ্ৰী চলাচল কৰাৰ বাবে এটা পথ নিৰ্মাণৰ চুক্তি কৰিছিল মৌখিক ভাবে ।
কিন্তু পৰৱৰ্তী সময়ত সভাপতি গগৈয়ে অত্যন্ত স্বেচ্ছাচাৰী আৰু মইমতালীপূৰ্ণ ভাবে সেই পূৰ্বৰ চুক্তি অমান্য কৰি প্ৰস্তাৱিত পথ স্থায়ী ভাবে বন্ধ কৰি দিয়াত অভ্যন্তৰলৈ গ্ৰাহক অহা যোৱাৰ লগতে দোকানৰ সামগ্ৰী সৰবৰাহ কৰাত অবৰ্ণনীয় সমস্যাই দেখা দিছে । তাৰোপৰি বিপদ কালত আৰু জৰুৰীকালীন পৰিস্থিতিত জৰুৰী সেৱা প্ৰয়োগৰ ক্ষেত্ৰতো ব্যাপক বাধা আহি পৰিছে এনে অপৰিকল্পিত নিৰ্মাণৰ বাবে ।
চৰকাৰী নীতি নিৰ্দেশনাৰ মুকলি উলংঘাৰে এনেবোৰ মাৰ্কেটিং চচাইটিৰ ব্যৱসায়িক কোঠা আৱন্তন দিয়াত একক অগ্ৰণী ভূমিকা লোৱা এই গৰাকী দাম্ভিক সভাপতিৰ এনে অবিবেচকী পদক্ষেপৰ বিৰুদ্ধে ক্ষুব্ধ আৰু ভূক্তভোগী ব্যৱসায়ী সকলৰ হৈ একাংশ ভূক্তভোগী ব্যৱসায়ীয়ে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিক এক লিখিত অভিযোগ দাখিল কৰি তদন্তৰ জৰিয়তে ন্যায় প্ৰদান আৰু সুপৰিকল্পিত ভাবে মাৰ্কেটিং চচাইটিৰ গৃহ নিৰ্মাণ কৰাৰ দাবী জনাইছিল।
মহকুমা প্ৰশাসনক প্ৰদান কৰা লিখিত অভিযোগৰ ভিত্তিত প্ৰশাসনে এই স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত তদন্ত কৰিবলৈ দায়িত্ব প্ৰদান কৰিছিল প্ৰশাসনৰ সহকাৰী আয়ুক্ত অভিজাত বৰুৱাক। ঢকুৱাখনা পৌৰ সভাৰো কাৰ্যবাহী বিষয়াৰ দায়িত্ব প্ৰাপ্ত সহকাৰী আয়ুক্ত অভিজাত বৰুৱাই এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ঠিকেই কিন্তু এই ক্ষেত্ৰত সুদুত্তৰ লাভ নকৰা বুলি একেমুখে অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী সকলে । ঢকুৱাখনা নগৰৰ মাজ মজিয়াত অৱস্থিত নিজা ভূখণ্ডত নিৰ্মীয়মান এই স্থায়ী ব্যৱসায়িক গৃহত ব্যৱসায়ৰ বাবে নিবনুৱা সকলক দোকান আৱন্তন দি প্ৰয়োজনীয় সুবিধা উপলব্ধ নকৰি কিহৰ স্বাৰ্থত সভাপতি গগৈয়ে এনে অবিবেচকী দৌৰাত্ম্য অব্যাহত ৰাখিছে ?
এই অবিজ্ঞানসন্মত স্থায়ী নিৰ্মাণত পৌৰ সভাই নিৰ্ধাৰণ কৰা নিৰ্ধাৰিত চৰ্তাৱলী আৰু নিয়মাৱলী প্ৰয়োগ কৰা হৈছেনে? মাৰ্কেটিং চচাইটিৰ কোঠা আৱন্তনৰ ক্ষেত্ৰত চচাইটিৰ নীতি নিৰ্দেশনা যথোচিত প্ৰয়োগ কৰা হৈছে নে ? আদি সীমাহীন গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে এই ৰাতুল গগৈ নেতৃত্বাধীন ১৪ জনীয়া সমিতিখনৰ ওপৰত ।
"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ এই সন্দৰ্ভত অনুসন্ধান কালত উপলব্ধ এনে পৰ্বতসম অনিয়ম ,দুৰ্নীতি আৰু স্বজন তোষণৰ তথ্য সমৃদ্ধ প্ৰতিবেদন পৰৱৰ্তী সময়ত সবিস্তাৰে প্ৰকাশ কৰা হব । উন্মোচিত কৰা হব প্ৰায় ৭৪ বছৰ পুৰণি ঢকুৱাখনা কো অপাৰেটিভ মাৰ্কেটিং এণ্ড প্ৰচেছিং চচাইটি লিমিটেডৰ মূল সমিতিখনৰ সভাপতি
ৰাতুল গগৈ নেতৃত্বাধীন ১৪ জনীয়া (এগৰাকী সদস্যৰ ইতিমধ্যে বিয়োগ ঘটিছে ) সমিতিখনে কিদৰে চচাইটিৰ দোকান গৃহ আবন্টনৰ ক্ষেত্ৰত বিভাগীয় নীতি নিৰ্দেশনা পদপিষ্ট কৰি অবৈধ ধন সংগ্ৰহৰ নিৰ্লজ কাৰখানালৈ পতিত কৰি অহাৰ নিকৃষ্ট আৰু ঘৃণনীয় অধ্যায় ।