কোৰোনাৰ মায়া ঢকুৱাখানাৰ এজন ব্যক্তিয়ে কিয় নাই বুজা ?

কোৰোনাৰ মায়া ঢকুৱাখানাৰ এজন ব্যক্তিয়ে কিয় নাই বুজা ?

author-image
asomiyapratidin
New Update
কোৰোনাৰ মায়া ঢকুৱাখানাৰ এজন ব্যক্তিয়ে কিয় নাই বুজা ?

ডিজিটেল সংবাদ, ঢকুৱাখনা:  মাৰাত্মক কোভিড ১৯ ৰ ব্যাপক সংক্ৰমণৰ বাবে লখিমপুৰ জিলাত  ২৪ ঘণ্টাই সান্ধ্য আইন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।  এনে প্ৰেক্ষাপটত জিলাখনৰ স্বাস্থ্য বিভাগে ব্যাপক হাৰত কোভিড ভেকছিন প্ৰদানৰ লক্ষ্য বান্ধি ভেকচিন কেন্দ্ৰ সমূহত  "ৰেপিড এন্টিজেন টেষ্ট " কৰি  নিগেটিভ ফলাফলৰ ব্যক্তি সকলক ভেকচিন প্ৰদান কৰি গৈছে।

ঢকুৱাখনা  স্বাস্থ্য খণ্ডৰ অন্তৰ্গত  বিভিন্ন স্থানৰ লগতে মঙ্গলবাৰে হাৰ্হি পঞ্চায়তৰ নেমুটেঙানি এম ভি স্কুলত অনুষ্ঠিত এনে ভেকচিন কেন্দ্ৰলৈ অহা  এগৰাকী ব্যক্তিৰ দুটা পৃথক ৰেট ৰিপৰ্টক লৈ  উৎকণ্ঠাই বিৰাজ কৰিছে। আমূলগুৰি গাঁৱৰ  ৫০ বছৰীয়াসুৰেন শইকীয়াই ভেকচিন ল'বলৈ আহি নেমুটেঙানি কেন্দ্ৰত "ৰেট"( আই ডি- ০৩৫৩১১২) পৰীক্ষা কৰাই । মঙ্গলবাৰে দুপৰীয়া ১১-১৬ মিনিটত কৰা এই পৰীক্ষাৰ ফলাফল পজিটিভ আহিছিল। ব্যক্তি গৰাকীয়ে পৰীক্ষা পদ্ধতিত সন্দেহ কৰি মাছখোৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ গৈ দুপৰীয়া ১২-১৯ বজাত  পুনৰ "ৰেট "( আই ডি – ২৬৯২৩৭)  কৰাত নিগেটিভ ৰিপৰ্ট আহে।

  মাছখোৱা স্বাস্থ্য বিভাগে এই সন্দৰ্ভত প্ৰদান কৰা লিখিত পত্ৰলৈ কোভিড ভেকচিন ল'বলৈ যোৱা শইকীয়াৰ নিগেটিভ ৰিপৰ্ট  অগ্ৰাহ্য কৰি ভেকচিন প্ৰদান নকৰাৰ লগতে ককৰ্থনা কৰি পঠাই দিয়ে স্বাস্থ্য কৰ্মী সকলে।  উপায়ন্তৰ হৈ শইকীয়াই স্বাস্থ্য বিভাগৰ দুটা পৃথক আৰু পৰস্পৰ বিৰোধী ৰিপৰ্টৰ বাবেই  ভেকচিনৰ পৰা বঞ্চিত হৈ  নিৰাশ মনেৰে উভতিব লগীয়া হোৱাত চিন্তিত হৈ পৰিছে ব্যক্তিজন।

  তাৰোপৰি  ব্যক্তিজন কোভিড ৰোগী হিচাবে পৰিগণিত হ'ব নে নহয় তাক লৈও গঞা ,আত্মীয় চিন্তিত হৈ পৰিছে।  এজন ব্যক্তিৰ একেসময়তে সম্পন্ন কৰা দুটা "ৰেট" ৰ  দুটা পৰস্পৰ বিৰোধী ৰিপৰ্টকলৈ  ৰাইজৰ মাজত সন্দেহৰ ভাব উদ্ৰেক ঘটিছে ।