ৰজাঘৰৰ সময় নাই! ৰাইজে নিৰ্মাণ কৰি উলিয়ালে এখন দলং...

ৰজাঘৰৰ সময় নাই! ৰাইজে নিৰ্মাণ কৰি উলিয়ালে এখন দলং...

author-image
Asomiya Pratidin
New Update
ৰজাঘৰৰ সময় নাই! ৰাইজে নিৰ্মাণ কৰি উলিয়ালে এখন দলং...

ডিজিটেল সংবাদ, ঢকুৱাখনা: সততে প্ৰজাৰ উন্নয়ন বিকাশৰ ঢাক ঢোল বজাই অহা গেৰুৱা দলৰ ৰাজ্য চৰকাৰখনৰ এক অন্তঃসাৰ শূণ্য স্বৰূপ উন্মোচিত হৈছে ঢকুৱাখনাত। তথাকথিত অমৃত কালত এখন দলং বিচাৰি হাহাকাৰ কৰা ঢকুৱাখনা বিধানসভা সমষ্টিৰ এখন গাঁৱৰ শ্ৰমজীৱী প্ৰজাই ৰজাঘৰীয়াৰ চূড়ান্ত দায়িত্বহীনতাক প্ৰত্যাহ্বান জনাই নিজে হাতে কামে লাগি নিৰ্মাণ কৰি উলিয়ালে এখন দীঘল বাঁহৰ দলং।

Advertisment

ঢকুৱাখনা সদৰৰ মাজেৰে চিৰ প্ৰবাহমান চাৰিকড়িয়া নদীৰ ওপৰৰ উজনি জিয়ামৰীয়া গাঁও অংশত বুধবাৰ আৰু বৃহস্পতিবাৰে দুদিন ধৰি ৰাইজৰ নিৰন্তৰ শ্ৰম আৰু বনজ সম্পদৰ ব্যৱহাৰ কৰি গাঁওবাসীয়ে নিৰ্মান কৰি উলিয়ালে এখন বৃহৎ বাঁহৰ দলং ।

গাওঁখনৰ ৰাইজে বুধবাৰৰ পুৱা বেলাৰ পৰা হাতে হাতে দা ,কুঠাৰ সহ নিৰ্মাণ সঁজুলি লৈ নদীৰ পাৰত সমবেত হয় । গাঁওখনৰ বৃদ্ধ ,বয়স্ক ,যুৱক সকলো একত্ৰিত হৈ নিজৰ বাৰীৰ বাঁহ কাটি বুধবাৰে প্ৰথম দিনা ভৰুণ চাৰিকড়ীয়া নদীৰ বুকুত নামি খুঁটা পুতি প্ৰাথমিক পৰ্যায় আগবঢ়ায়। পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে পুনৰ নিৰ্মাণ থলিত উপস্থিত হৈ শ্ৰমজীৱী ৰাইজে দুচকীয়া বাহন পাৰাপাৰ হ'ব পৰাকৈ এখন মজবুত বাঁহৰ দলং নিৰ্মান কৰি উলিয়ায় ।

ৰাইজৰ শ্ৰমদান আৰু ধন,বনজ সম্পদেৰে প্ৰায় ২০০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ মজবুত দলংখন নিৰ্মাণ সম্পূৰ্ণ কৰি কষ্টসহিষ্ণু ৰাইজে সমূহীয়া ভোজভাত খাই নৱনির্মিত দলংখন ৰাইজৰ সমূহীয়া ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰে । শুক্ৰবাৰৰ পৰা এই যাতায়ত আৰম্ভ হৈছে।

উল্লেখ্য যে সুদীৰ্ঘ সময় ধৰি নদীখনৰ ওপৰত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰাৰ ৰাজহুৱা দাবী জনাই আহিছিল বৃহত্তৰ অঞ্চলবাসীয়ে। বৃহত্তৰ অঞ্চলটোৰ চহাপ্ৰাণ ৰাইজৰ কৃষি ভূমি ,খেতি বাৰী , পশুধনৰ বিচৰণ ভূমি নদীৰ ইপাৰত থকাৰ বাবে দৈনিক মৰণত শৰণ লৈ টুলুঙা নাও অথবা সাঁতুৰী ৰাইজ পাৰাপাৰ হ'বলগীয়া হৈ আহিছে বছৰ বছৰ ধৰি ।

গাঁওখনৰ কৃষক তথা ৰাইজৰ উমৈহতীয়া মেৰুদণ্ড স্বৰূপ এই দলংখন নিৰ্মাণৰ বাবে বিধায়ক নৱ দলে ,সাংসদ প্ৰদান বৰুৱা , খণ্ড উন্নয়ন বিষয়া সকলোকে বাৰম্বাৰ ভুক্তভোগী ৰাইজে সময় সুবিধা পালেই দাবী জনায় আহিছিল ।উত্তৰ ঢকুৱাখনা পঞ্চায়ত সভাপতিকো অনুৰোধ জনাই অহাৰ পাছতো কোনো কামত নাহিল।

পৰিণতিত ৰজাঘৰৰ এনে কাণ্ডজ্ঞানহীনতাক প্ৰত্যাহ্বান জনাই খাটি খোৱা ৰাইজে নিজৰ সুবিধাৰ্থে নিজৰ ধন সম্পদ আৰু শ্ৰমেৰে এই মজবুত দলংখন নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হয়। স্মৰ্তব্য যে কৃষক ৰাইজৰ শ্ৰমেৰে এই অংশত দলং নিৰ্মাণৰ ধাৰাবাহিক প্ৰক্ৰিয়া বিগত কেইবা বছৰ ধৰি চলি আহিছে ।

বিধায়ক ,আমোলা সকলে উজনি জিয়ামৰিয়া গাঁওবাসীৰ এই কোটিকলীয়া অভাৱ সমস্যা সন্দৰ্ভত জ্ঞাত হোৱাৰ পাছতো কোনোদিনেই এই জলন্ত ৰাজহুৱা অভাৱ সমস্যাটোৰ স্থায়ী সমাধানত তিলমানো গুৰুত্ব নিদিলে । যাৰ বাবেই প্ৰাত্যহিক কৰ্মব্যস্ততাৰ মাজতো গাঁওবাসী একত্ৰিত হৈ ৰজাঘৰৰ উদাসীনতালৈ বুঢ়া আঙুলি দেখুৱাই বিগত সময়ৰ দৰে এইবাৰো নিজে নিৰ্মান কৰি উলিয়াইছে এইখন গুৰুত্বপূৰ্ণ দলং । যাৰ জৰিয়তে কৃষি ভূমিৰ লগত মদাৰগুৰি ন-কপহুৱা কপহুৱা আদি বিভিন্ন গাওঁলৈ চমু পথেৰে যাতায়ত সম্ভৱ হৈ পৰিল।

যি সময়ত শাসকীয় দলটোৱে উন্নয়নৰ ফুলজাৰি চটিয়াইছে তেনে সময়ত ৰাইজে নিজৰ গাঠিৰ ধন ভাঙি দলং নিৰ্মণা কৰাতোয়েই চৰকাৰৰ ফোপোলা স্বৰূপটো উদঙাই দিছে।

Also Read: ভগৱান কৃষ্ণই আশীৰ্বাদ কৰিলে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ামঃ কংগনা