/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/majuli-bjp-dr-baruah-jui-nhgreepet.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ , নগাঁও : ধিং পৌৰসভাৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষনা কৰিছে ৷ কলিয়াবৰ বিজেপিৰ সভাপতি অনিল শইকীয়াই স্বাক্ষৰ কৰি সোমবাৰে দহটা ৱাৰ্ডৰ বাবে প্ৰাৰ্থী সকলৰ নাম ঘোষনা কৰিছে ৷
ঘোষিত প্ৰাৰ্থী সকলৰ নাম হৈছে ধিং পৌৰসভাৰ ১ নং ৱাৰ্ডৰ বাবে হেমন্ত কুমাৰ দাস , ২ নং ৱাৰ্ডত প্ৰিয়ঙ্কা শইকীয়া নায়ক , ৩ নং ৱাৰ্ডত শ্ৰীপ্ৰা কুৰি দাস , ৪ নং ৱাৰ্ডত সুশান্ত কুমাৰ নাথ , ৫ নং ৱাৰ্ডত শিল্পী শিখা গগৈ , ৬ নং ৱাৰ্ডত দিবাকৰ নাথ মজুমদাৰ , ৭ নং ৱাৰ্ডত পিংকি শইকীয়া বৰা , ৮ নং ৱাৰ্ডত মাতু মনি বৰুৱা , ৯ নং ৱাৰ্ডত হৃদয়ানন্দ বৰা আৰু ১০ নং ৱাৰ্ডত ৰীমা ৰুবি দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-14-at-11.20.52-AM-1.jpeg)
ধিং পৌৰসভাৰ বাবে মিত্ৰ দল অগপক বিজেপিয়ে প্ৰতিদণ্ডিতা কৰিবলৈ এটি ৱাৰ্ডো এৰি নিদিলে ৷ এই লৈ অসন্তুষ্ট অগপ নেতা কৰ্মী ৷