/asomiyapratidin/media/media_files/2025/04/24/LbQViWYcNHa2YEFxF4CG.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে পেহেলগামত সন্ত্ৰাসবাদীয়ে বাচি বাচি ২৭ জন লোকক হত্যা কৰাৰ ঘটনাত সমগ্ৰ দেশ শোকস্তব্ধ হৈ থকাৰ সময়তে সচৰাচৰ কৰাৰ দৰেই বিতৰ্কিত মন্তব্য কৰিছিল ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে। বহুবল্কী এই বিধায়কগৰাকীৰ সেই বিতৰ্কিত মন্তব্যৰ পাছতেই আজি তেওঁক নগাওঁ আৰক্ষীয়ে গ্ৰেপ্ৰাৰ কৰিছে।
উল্লেখ্য যে, পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা আৰু পুলৱামাৰ ঘটনাক বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিছিল আমিনুলে। তেওঁ সন্ত্ৰাসবাদীয়ে হত্যাকৰা লোকসকলক হিন্দু নেকি বুলিও প্ৰশ্ন কৰা নাছিল বুলি মন্তব্য কৰি মুছলামাৰ বিৰুদ্ধে হিংসা আৰু ঘৃণা বিয়পোৱাৰ এয়া বিজেপি চৰকাৰৰ অপচেষ্টা বুলিও সন্দেহ বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল।
বিধায়কগৰাকীৰ এনে মন্তব্যৰ বাবেই আজি তেওঁক দেশ বিৰোধীতাৰ গোচৰত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লোকসেৱা ভৱনত সংবাদ মেল সম্বোধন কৰাৰ সময়ত তেওঁ এই বিষয়ত কয়, দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আমিনুল ইছলামক।
তেওঁ বিধায়ক আমিনুল ইছলামে পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰা বুলি উল্লেখ কৰি কয়, একপ্ৰকাৰে পাকিস্তানৰ সমৰ্থনত মন্তব্য দিছে আমিনুল ইছলামে। আমিনুলৰ বক্তব্যত আঘাত পাইছে অসমবাসীয়ে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই আৰু কয়, অসমত থকা কোনো লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে পাকিস্তানৰ সমৰ্থনত কিবা ক’লে বাৱ সংঘটিত কৰিলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল’ব অসম আৰক্ষীয়ে। উল্লেখ্য যে, পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ২৭ গৰাকী পৰ্যটকৰ মৃত্যু হৈছে।
অভিযোগ অনুসৰি আক্ৰমণকাৰী সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলৰ ধৰ্মীয় পৰিচয় সুধি হত্যা কৰিছিল। হত্যাৰ পূৰ্বে মাতিবলৈ দিছিল ইছলাম ধৰ্মৰ কলিমা। তাৰোপৰি পৰীক্ষা কৰিছিল গুপ্তাংগও। সেয়ে আমিনুলৰ এনে বক্তব্যৰ পাছতে তেওঁক আজি গ্ৰেপ্তাৰ কৰা হৈছে।