/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ce475a8f-3cc9-4b9d-aba0-887b5818c7a6/ujjk.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ধিং মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা বহু শিক্ষাৰ্থীয়ে দেওবাৰে ৰাজ্যৰ লগতে দেশ-বিদেশত বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত হৈ সেৱা আগবঢ়াই আহিছে। এইক্ষেত্ৰত মহাবিদ্যালয় খনৰ অন্যান্য বিভাগ সমূহৰ লগতে পদাৰ্থ বিজ্ঞান বিভাগৰ শিক্ষাৰ্থী সকলৰ অৱদান লেখত ল'বলগীয়া।
মহাবিদ্যালয় খনত শিক্ষা গ্ৰহণ কৰা বহু শিক্ষাৰ্থীয়ে বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰি ইতিমধ্যে মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকা সকল আজি মহাবিদ্যালয় সমবেত হৈ এক অন্তৰঙ্গ আলোচনাত মিলিত হয়। অনুষ্ঠানটিত মহাবিদ্যালয় খনত উপস্থিত হৈ অতীতৰ স্মৃতি ৰোমন্থন কৰি সকলো ছাত্ৰ ছাত্ৰী অধ্যাপক অধ্যাপিকা নষ্টালজিক হৈ পৰে।