/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/gbhgh.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ধিঙত ৰবিবাৰে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হয়। নৱম শ্ৰণীত অধ্যয়নৰত চাৰি গৰাকী ছাত্ৰী টিউচনৰ পৰা উভতি যোৱাৰ পথতে সংঘটিত হয় এই চাঞ্চল্যকৰ অপহৰণ কাণ্ড। ধিঙৰ অকৰাবড়িত নিশা সংঘটিত হৈছে এই অপহৰণ কাণ্ড।
আৰক্ষীৰ মষ্ট ৱান্টেড কুখ্যাত অপৰাধী মইনা আলী আৰু কেইবাটাও সহযোগীয়ে পথৰ পৰা চাৰি ছাত্ৰীক বলপূর্বক ভাৱে ধৰি বান্ধি লৈ যায় মৰাপাট খেতিৰ মাজলৈ। ছাত্ৰী কেইগৰাকীয়ে চিঞৰ-বাখৰ কৰাত আত্মীয়, স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ অপৰাধীক বিচাৰি তদন্ত অব্যাহত ৰাখিছে। অপৰাধী মইনা আলী হত্যা, ধৰ্ষণ, চুৰি ডকাইতিৰ দৰে অপৰাধজনিত ঘটনাৰ লগত জড়িত। মইনা আলীৰ বিৰুদ্ধে নগাঁও আৰু মৰিগাঁও জিলাত পৃথকে পৃথকে বহু কেইটা গোচৰ পঞ্জীয়ন ৰুজু হৈ আছে।
আৰু পঢ়ক:পুনৰ জলমগ্ন গুৱাহাটী মহানগৰী…