ধিং মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত ভাৰতীয় জ্ঞান পদ্ধতি বিষয়ক বক্তৃতা অনুষ্ঠান

ধিং মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত ভাৰতীয় জ্ঞান পদ্ধতি বিষয়ক বক্তৃতা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
ধিং মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত ভাৰতীয় জ্ঞান পদ্ধতি  বিষয়ক  বক্তৃতা অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিং মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত মঙলবাৰে ভাৰতীয় জ্ঞান পদ্ধতি(Indian Knowledge System) বিষয়ক এখনি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানটিৰ আঁত ধৰে ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক অজিত শৰ্মাই।

Advertisment

কলিয়াবৰ কলেজৰ বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক উৎপল বৰাই সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি বিষয় বস্তুৰ ওপৰত আলোকপাত কৰে। উৎপল বৰাই ভাষন প্ৰদান কৰি "ভাৰতীয় সাহিত্যৰ জ্ঞান পৰিক্ৰমা অতি গভীৰ আৰু বিস্তৃত।" বুলি কয়।

ধিং মহাবিদ্যালয় অধ্যক্ষ ড০ বিমান হাজৰিকা, অধ্যাপক ক্ৰমে বিমান কুমাৰ দলে, ড০ লক্ষ্মী নন্দন বৰদলৈ, ৰঞ্জিত বৰদলৈ, নূৰুল আমিন, ড০ পংকজ শইকীয়া, পুৰন্দ গগৈ, অনিতা বিশ্ব শৰ্মা, অশোক পৰিক, শস্ত্ৰী জৈন, ৰূপম বৰা, অতুল বৰোকে আদি কৰি অধ্যাপক অধ্যাপিকা, ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়াই অধ্যাপিকা ড০ উমি তাচনিমে।

Also Read: কঠীয়াতলীত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত অসন্তুষ্ট ৰাইজ