/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/dhing.png)
ডিজিটেল ডেস্ক: নগাঁও জিলাৰ ধিঙৰ পাৰ্শ্ববৰ্তী চৰাঞ্চল সমূহত পুনৰ আবিৰ্ভাৱ হৈছে মাতব্বৰৰ। এইবাৰ চিনিয়ৰ নহয় জুনিয়ৰ মাতব্বৰৰ আবিৰ্ভাৱ হৈছে । অভিযোগ অনুসৰি প্ৰথমতে ভূমি বেদখল কৰে মাতাব্বৰে । তাৰ পিছত মাতব্বৰৰ বিৰুদ্ধে মাত মাতিলেই হত্যাৰ ভাবুকি প্রদান কৰে মাতাব্বৰে ।
অভিযোগ যে. চৰাঞ্চল সমূহত মাতব্বৰে মুক্ত ভাবে লৈ ফুৰে মাৰণাস্ত্ৰও। সোমবাৰে তিনিটেকীয়া চাপৰিত তিনিটাকৈ মাতাব্বৰৰ আক্ৰমনত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হবলগীয়া হৈছে আনামুল হুছেইন আৰু ছৰিফা খাতুন।
মাতাব্বৰৰ দলটোৱে আনামুল হুছেইনৰ ঘৰত সোমাই পিষ্টল দেখুৱাই ভাবুকি প্রদান কৰি মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। কাৰণ মাতাব্বৰ ছাইদুল ইছলাম, ৰাব্বুল হুছেইন আৰু আজিম উদ্দিনে চৰ চাপৰি অঞ্চলত গুণ্ডা টেক্স আৰু ভূমি বেদখল কৰি আহিছে । তাৰ প্ৰতিবাদ কৰাৰ বাবেই শাস্তিৰ সন্মুখীন হবলগীয়া হৈছে দূৰ্ভগীয়া পৰিয়ালটো ।
ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । উল্লেখ্য যে যি সময়ত চৰকাৰে চৰাঞ্চলৰ চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ উঠি-পৰি লাগিছে সেই সময়তে মাতাব্বৰে চৰকাৰী ভূমি বলপূর্বক ভাবে দখল কৰি গুণ্ডা কৰ আদায় কৰা ঘটনাই সমগ্ৰ জিলা খনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।