/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f195a4c0-3f88-492a-b343-867779719db3/batadrava.jpg)
hing ankiya bhaona
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিঙৰ 'প্ৰগতি এক যাত্ৰা' শীৰ্ষক সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শনিবাৰে নিশা ধিঙৰ ঐতিহ্যমণ্ডিত জগন্নাথ মন্দিৰ প্ৰাঙ্গনত মঞ্চস্থ হয় পাৰিজাত হৰণ ভাওনা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0167e51a-3f56-4303-98bc-b8b88d24e070/111.jpg)
নৱজ্যোতি বৰাৰ পৰিচালনাত মঞ্চস্থ হোৱা ভাওনা খনত ধিং অঞ্চলৰ যুৱতী সকলে অভিনয় কৰে। সংস্কৃতিবান ব্যক্তি দৰ্শন মহন্ত, মৃদু মৌচম বৰা, দিপুল শইকীয়াকে আদি কৰি শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত ভাওনা খনৰ শুভ উদ্বোধন কৰে নগাঁও খাগৰিজান মহাবিদ্যালয় অধ্যাপক ডঃ জোনাৰাম নাথে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4db92f6f-d22a-4b69-bc79-af4b15cb93ed/1212.jpg)
উল্লেখযোগ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত পাৰিজাত হৰণ অংকীয়া ভাওনা খনিত সত্যভামা, ৰুক্মিণী আদি নাৰী চৰিত্ৰৰ লগতে শ্ৰীকৃষ্ণ, নাৰদ আদি পুৰুষ চৰিত্ৰ সমূহতো যুৱতী সকলে কৰা অভিনয়ত দৰ্শক আপ্লুত হৈ পৰে।