গেৰুকামুখত মুকবধিৰ যুৱতী খিলমিনা খেৰিয়া সন্ধানহীন...

ধেমাজি জিলাৰ গেৰুকামুখ আৰক্ষী থানাৰ অন্তৰ্গত বগান তিনিআলিৰ পৰা খিলমিনা খেৰিয়া নামৰ এগৰাকী ২২ বছৰীয়া মুকবধিৰ যুৱতী যোৱা ২৭ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে।

author-image
Tushar Pratim
New Update
গেৰুকামুখত মুকবধিৰ যুৱতী খিলমিনা খেৰিয়া সন্ধানহীন...

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ গেৰুকামুখ আৰক্ষী থানাৰ অন্তৰ্গত বগান তিনিআলিৰ পৰা খিলমিনা খেৰিয়া নামৰ এগৰাকী ২২ বছৰীয়া মুকবধিৰ যুৱতী সন্ধানহীন হৈছে৷ জানিব পৰা মতে মুকবধিৰ যুৱতী গৰাকীয়ে ককায়েক লেডে খেৰিয়া আৰু বৌয়েক ভন্তী খেৰিয়াৰ সৈতে যোৱা ২৭ মাৰ্চতে ওচৰতে থকা মানুহ ঘৰলৈ আলহী খাবলৈ যাওঁতেই হঠাতে সন্ধানহীন হৈ পৰে৷ 

Advertisment

মাহী মাকৰ জীয়েক খিলমিনাৰ বৰ্তমানে ককায়েক, বৌয়েকৰ বাহিৰে আন কোনো আপোন মানুহ নাই৷ ইতিমধ্যে তেওঁৰ পিতৃ, মাতৃৰ মৃত্যু হৈছে৷ অঞ্চলটোৰ ৰাইজৰ লগতে পৰিয়ালে ইতিমধ্যে বিভিন্ন ঠাইত সন্ধান চলোৱাৰ লগতে খা-খবৰ লৈছে যদিও এতিয়াও তেওঁৰ সন্ধান পোৱা নাই ৷

প্ৰায় ৫ ফুট ৪ ইঞ্চি ওখ যুৱতীগৰাকী হঠাতে সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চ্যলৰ সৃষ্টি কৰিছে। কোনো লোকে তেওঁৰ সন্ধান পালে ৯১০১১২১৪৫৪ মোবাইল নম্বৰৰ জৰিয়তে যোগাযোগ কৰিবলৈ পৰিয়াল তথা গাঁওখনৰ ৰাইজে অনুৰোধ জনাইছে৷

গেৰুকামুখ সন্ধানহীন