চিলাপথাৰৰ চিলি ভগৱান গাঁৱত বনৰীয়া হাতীৰ মুক্ত বিচৰণ...

নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলত ওখ ঠাই আৰু খাদ্য বিচাৰি চিলি, ডিমৌ অঞ্চলটোত বনৰীয়াহাতীয়ে আজি কেইবাদিনো ধৰি মুক্ত বিচৰণ কৰিছে ৷

author-image
Asomiya Pratidin
New Update
চিলাপথাৰৰ চিলি ভগৱান গাঁৱত বনৰীয়া হাতীৰ মুক্ত বিচৰণ...

ডিজিটেল সংবাদ, ধেমাজিঃ কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলত ওখ ঠাই আৰু খাদ্য বিচাৰি চিলি, ডিমৌ অঞ্চলটোত বনৰীয়াহাতীয়ে আজি কেইবাদিনো ধৰি মুক্ত বিচৰণ কৰিছে ৷
 
মঙলবাৰে পুৱাই ভগৱান মিচিং গাঁৱৰ এগৰাকী পথচাৰীয়ে ডিমৌ নৈৰ দিশে গৈ থকা অৱস্থাত হঠাৎ বনৰীয়া হাতী এটা প্ৰত্যক্ষ কৰে আৰু ইয়াৰ পিছতে অঞ্চলটোৰ ৰাইজক অৱগত কৰাত সমগ্ৰ অঞ্চলটোত হুৱাদুৱাৰ সৃষ্টি হয়। 

Advertisment

অঞ্চলটোৰ চাৰিও দিশে বাঢ়নী পানীয়ে উপচি পৰাৰ ফলতে বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ভগৱান মিচিং গাঁৱত এইদৰে প্ৰৱেশ কৰি আশ্ৰয় আৰু খাদ্যৰ সন্ধানতে মুক্ত বিচৰণ কৰিছে। দেখা গৈছে এই বন্য হস্তীটোৱে ভগৱান মিচিং গাঁৱত কলগছ ভাঙি খাইছে। 

কিন্তু এইদৰে হঠাতে পুৱাই বন্যহস্তীক দেখি অঞ্চলটোৰ গঁঞা ৰাইজ আতংকিত হৈ পৰে ৷ বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ খবৰ পাই পিছত বিয়লিলৈ ধেমাজি জিলা বন বিভাগৰ কৰ্মীসকলে ঘটনাস্থলীলৈ গৈ  উপস্থিত হৈ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা লগতে ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনায় ৷ 

 

বন্যহস্তী চিলাপথাৰ