ধেমাজিত উদীয়মান কন্ঠ শিল্পী জোন মানসীৰ নতুন বিহুগীতৰ ভিডিঅ' উন্মোচন

বি কে বি প্ৰডাকচনৰ প্ৰথমটো বিহু এলবাম ‘জোন জোনালী’ৰ প্ৰথমটো বিহুগীতৰ ভিডিঅ' জোন মানসীৰ 'গিৰিপ গিৰিপ' শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰে

author-image
Asomiya Pratidin
New Update
ধেমাজিত উদীয়মান কন্ঠ শিল্পী জোন মানসীৰ নতুন বিহুগীতৰ ভিডিঅ' উন্মোচন

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি কাছাৰী ময়দানৰ সন্মুখত বি কে বি প্ৰডাকচনৰ প্ৰথমটো বিহু এলবাম জোন জোনালীৰ প্ৰথমটো বিহুগীতৰ ভিডিঅ' জোন মানসীৰ 'গিৰিপ গিৰিপ' শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট কন্ঠশিল্পী ড° বনজিত ভট্টই৷

Advertisment

এই উপলক্ষে অনুষ্ঠিত উন্মোচনী সভাখনৰ আঁতধৰে সমাজকৰ্মী অংকুৰ বৰুৱাই৷ জোন মানসীৰ গিৰিপ গিৰিপ শীৰ্ষক বিহু গীতত কণ্ঠদান কৰিছে উদীয়মান কণ্ঠশিল্পী জোন মানসী আৰু কথা, সুৰ, সংগীত নিৰঞ্জান গোস্বামীৰ।

গীতটিৰ ভিডিঅ' পৰিচালক শচীন বৰুৱাৰ। শুকুৰবাৰে সন্ধিয়া ৬ বজাত আনুষ্ঠানিকভাৱে উন্মোচিত হোৱা বিহু গীতটিয়ে ৰাইজৰ মাজত সমাদৰ লাভ কৰিব বুলি গীতটোৰ সৈতে জড়িত সকলোৱে আশা প্ৰকাশ কৰিছে৷

ধেমাজিত উদীয়মান কন্ঠ শিল্পী জোন মানসীৰ নতুন বিহুগীতৰ ভিডিঅ' উন্মোচন

উন্মোচনী সভাত ধেমাজি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলাশ হাজৰিকা, আটাছুৰ কেন্দ্ৰীয় উপ-সভাপতি মনোজ গগৈ,  ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা,  জেষ্ঠ সাংবাদিক অতুল কুমাৰ চমুৱা,  অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল চুতীয়া,  পয় ফুৰালুংৰ সম্পাদক জয়ন্ত দিহিঙ্গীয়া,  আটাছুৰ ধেমাজি জিলা সাধাৰণ সম্পাদক পংকজ বৰগোহাঁই,  সাংবাদিক হৰেন্দ্ৰ নাথ শৰ্মা, মনবিকাশ বৰগোহাঁই আৰু জিতু শইকীয়া,  সাংস্কৃতিক কৰ্মী মনোজ বুঢ়াগোহাঁই,  অজিৎ কোচঁ,  কৃষ্ণা দিহিঙ্গীয়া আৰু সমাজ কৰ্মী বলোৰাম দিহিঙ্গীয়াকে ধৰি বহু কেইগৰাকী লোকে উপস্থিত থাকে৷

ধেমাজি