এখন সপোন-সপোন লগা গাওঁ!

যান্ত্ৰিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাব ধৰিছে প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশ ৷ পিছে আজিও পক্ষীৰ কলৰৱত সাৰ পাই উঠে এখন গাঁৱৰ বাসিন্দা৷ ঠিক ৯০ দশকৰ দৰে পুৱা গধূলি চৰাইৰ মাতে মুখৰিত কৰে গাঁৱখনৰ আকাশ বতাহ।
এখন সপোন-সপোন লগা গাওঁ!

ডিজিটেল সংবাদ, ধেমাজি: যান্ত্ৰিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাব ধৰিছে প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশ ৷ পিছে আজিও পক্ষীৰ কলৰৱত সাৰ পাই উঠে এখন গাঁৱৰ বাসিন্দা৷ ঠিক ৯০ দশকৰ দৰে পুৱা-গধূলি চৰাইৰ মাতে মুখৰিত কৰে গাওঁখনৰ আকাশ-বতাহ। নাহৰৰ দেশ খ্যাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰেই শাৰী-শাৰী নাহৰৰ এখন বিশেষ গাওঁ।

শাৰী-শাৰী নাহৰ গছৰ অপৰূপ দৃষ্টিনন্দন শোভাই আবৰি ৰখা ধেমাজি জিলাৰ এখন বিশেষ গাওঁ ৷ গাওঁখনৰ ইমূৰৰ পৰা সিমূৰলৈ মূল পথটোৰ দুয়োকাষে কেবল শাৰী-শাৰী নাহৰ গছৰ অপৰূপ শোভা ৷

নাহৰ গছৰ নান্দনিক শোভাই এক অনন্য পৰিৱেশৰ সুচনা কৰা গাওঁখন হ'ল ধেমাজি চিমেন চাপৰিৰ ৩ নং চিমেন চাপৰি। গাওঁখনৰ দৃশ্যই এতিয়া সকলোকে হাত বাউল দি মাতিছে ৷

নাহৰৰ সেউজীয়া আচ্ছাদনেৰে আৱৰি ৰখা অনন্য সুন্দৰ পথটো চাবলৈ ভিৰ কৰিছে বহুজনে ৷ কোনোৱে যদি মোবাইলত আৱদ্ধ কৰিছে পথটোৰ সৌন্দৰ্য, কোনোৱে আকৌ শ্বুটিংত ব্যৱহাৰ কৰিছে ইয়াৰ সৌন্দৰ্য ৷ মুঠতে গাওঁখনৰ লগতে পথটোৰ সৌন্দৰ্য্যই মুগ্ধ কৰিছে সকলোকে ৷

শাৰী-শাৰী নাহৰৰ শোভাই জাতিস্কাৰ কৰা এই পথছোৱা কিন্তু এদিনতে সৃষ্টি হোৱা নাছিল ৷ নাহৰ ফুলৰ আমোলমোলা সুবাসৰ লগতে জ্ঞাত-অজ্ঞাত অসংখ্য চৰাইয়ে মুক্ত বিচৰণ কৰা দৃশ্যৰ আঁৰত আছিল এজন প্ৰকৃতি প্ৰেমী ব্যক্তি।

সেই ব্যক্তিজন হ'ল স্থানীয় শিক্ষক যোগেন গগৈ। ১৯৯৫-৯৬ চনতে শিক্ষক যোগেন গগৈয়ে ৰূপণ কৰিছিল শাৰী-শাৰীকৈ নাহৰ গছৰ পুলি ৷ পিছলৈ গাঁৱবাসীৰ সহযোগত নাহৰ গছ সমূহ জাতিস্কাৰ হৈ এই ৰূপত সু-শোভিত হৈ পৰিল ৷

প্ৰায় দুই কিলোমিটাৰৰো অধিক পথছোৱাত থকা শাৰী শাৰী নাহৰ গছসমূহ এতিয়া প্ৰতিপালন কৰে গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে ৷ জিলাখনৰ নিৰ্মল গাওঁ হিচাপে ইতিমধ্যে স্বীকৃত লাভ কৰিছে এই গাঁৱখনে।

তদুপৰি ৩ নং চিমেন চাপৰি গাঁৱৰ ৰাইজে পৰিৱেশ সংৰক্ষণৰ লগতে বিবিধ চৰাই চিৰিকটিকো আশ্ৰয় প্ৰদান কৰিছে ৷ গাওঁখনৰ কোনো এজন লোকেই চৰাই চিৰিকটি নিধন নকৰে।

পথৰ কাষৰ নাহৰ গছসমূহ সজীব কৰি ৰাখিবৰ বাবে গাঁৱবাসীয়ে নিজেই সাৰ-পানী যোগান ধৰে। মুঠতে এক অনন্য সুন্দৰ পৰিৱেশৰ মাজেৰে গাঁৱবাসীয়ে নিদৰ্শন দাঙি ধৰিছে প্ৰকৃতিপ্ৰেমৰ ৷

এখন সপোন-সপোন লগা গাওঁ!
অস্কাৰ বিজয়ী ‘The Elephant Whisperers’ৰ বিষয়ে আপুনি জানেনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in