/asomiyapratidin/media/media_files/2025/02/10/zIYd3e3rXvIaXSPcw3xc.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয় আৰু নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াৰ দ্বাৰা আয়োজিত বিশ্ব গ্ৰন্থমেলা- -২০২৫ৰ এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেন ৰেড্ডী নল্লুৰ উপস্থিতিত শনিবাৰে প্ৰধানমন্ত্ৰী যুৱ মেণ্টৰশ্বিপ লাভ কৰা যুৱ লেখিকা কস্তুৰী চুতীয়াৰ ‘উত্তৰ-পূব ভাৰতত গণতান্ত্ৰিক চেতনাৰ অভ্যুত্থান' গ্ৰন্থখন উন্মোচন কৰে।
নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত আয়োজিত প্ৰধানমন্ত্ৰী যুৱ গ্ৰন্থমালা ২.০ ৰ দুকুৰি নিৰ্বাচিত যুৱ লেখকৰ এই গ্ৰন্থ উন্মোচনীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ উপৰিও নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াৰ অধক্ষ মিলিণ্ড সুধাকৰ মাৰাঠে আৰু সঞ্চালক যুৱৰাজ মালিক, ভাৰত চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু সাক্ষ্যৰতা মন্ত্ৰণালয়ৰ সচিব সঞ্জয় কুমাৰ, উচ্চ শিক্ষা মন্ত্ৰণালয়ৰ সচিব ভিনিত যোশী, UGC ৰ অধ্যক্ষ জগদীশ কুমাৰকে প্ৰমুখ্য কৰি কেইবাগৰাকীও শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়া, বিশিষ্ট শিক্ষাবিদসকল উপস্থিত থাকে৷
নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াই প্ৰধানমন্ত্ৰী যুৱ গ্ৰন্থমালা ২.০ উপলক্ষ্যে প্ৰকাশ কৰি উলিওৱা কস্তুৰী চুতীয়াৰ ‘উত্তৰ-পূব ভাৰতত গণতান্ত্ৰিক চেতনাৰ অভ্যুত্থান' গ্ৰন্থখন এইবৰ্ষত ‘প্ৰধানমন্ত্ৰী যুৱ গ্ৰন্থমালা ২.০’ত অসমীয়া ভাষাৰ একমাত্ৰ প্ৰতিনিধি। গ্ৰন্থখনিত সংক্ষেপে উত্তৰ-পূব ভাৰতৰ সমাজ-ৰাজনীতি, সাহিত্য-সংস্কৃতি বিশ্লেষণ কৰি ঐতিসাহিক, সামাজিক তথা সাংস্কৃতিক দৃষ্টিকোণেৰে উত্তৰ-পূব ভাৰতৰ গণতান্ত্ৰিক চেতনাক বিশ্লেষণ কৰাৰ প্ৰয়াস কৰা হৈছে।
তদুপৰি, গ্ৰন্থখনিত উত্তৰ -পূব ভাৰতত সময়ে সময়ে গা কৰি উঠা বিভিন্ন আন্দোলনৰ পৰা মানৱ অধিকাৰৰ প্ৰসংগসমূহলৈকে আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে। সেইদৰে, উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক বৈশিষ্ট্য আৰু সমন্বয়ৰ ধাৰণাৰ প্ৰসংগত আলোকপাত কৰাৰ লগতে লেখিকাই উত্তৰ-পূব ভাৰতৰ গণতান্ত্ৰিক চেতনা প্ৰৱাহত নৃগোষ্ঠীয় বৈশিষ্ট্যসমূহৰ প্ৰভাৱসমূহো বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিছে।
লেখিকা কস্তুৰী চুতীয়া ইতিমধ্যে এগৰাকী জনপ্ৰিয় সমাজকৰ্মী, যুৱবক্তা আৰু কবি। তিতাবৰৰ লোকশিল্পী মহেন্দ্ৰ চুতীয়া ওজা আৰু শান্তি চুতীয়াৰ একমাত্ৰ সন্তান তথা ধেমাজিৰ টাই-আহোম সংগীত শিল্পী সৌৰভজ্যোতি বৰুৱাৰ পত্নী কস্তুৰী চুতীয়াই বিগত বৰ্ষত সাহিত্য অকাডেমীৰ পৰা যুৱ লেখকৰ ট্ৰেভেল গ্ৰাণ্ট লাভ কৰিবলৈ সক্ষম হৈছিল।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ তুলনাত্মক ভাৰতীয় ভাষা বিষয়ত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হোৱা কস্তুৰী চুতীয়াই ছাত্ৰ জীৱনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ বক্তা, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ তাৰ্কিক তথা শ্ৰেষ্ঠ সাহিত্যিক নিৰ্বাচিত হোৱাৰ উপৰিও প্ৰায় অৰ্ধ শতাধিক তৰ্ক প্ৰতিযোগিতাৰ বিজয়ী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ বক্তা, কেইবাখনো ৰাষ্ট্ৰীয় তৰ্ক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তাৰ্কিক হিচাপে সুনাম অৰ্জন কৰিছে ।
স্কুলীয়া অৱস্থাতে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ পৰা শিশু বিজ্ঞানী ৰূপে “ইনচপ্যাৰ এৱাৰ্ড” লাভ কৰা কস্তুৰী চুতীয়াই মৌচাক শিশু আলোচনীৰ পাতত লেখিকা হিচাপে আত্মপ্ৰকাশ কৰিছিল। কস্তুৰী চুতীয়াৰ কাব্যগ্ৰন্থ “মাটি দেৱতা”ই পাঠকৰ বিশেষ সঁহাৰি লাভ কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰটো সক্ৰিয় কস্তুৰী চুতীয়া অসম গণ পৰিষদ দলৰ মুখপাত্ৰ তথা অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা (প্ৰশাসন ) ৰ দায়িত্বত আছে৷