ব'লবমলৈ গৈ চিয়াং নদীত সন্ধানহীন দুই কিশোৰ...

ব'লবমলৈ গৈ চিয়াং নদীত সন্ধানহীন দুই কিশোৰ...

author-image
Asomiya Pratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ব'লবমলৈ গৈ চিয়াং নদীত সন্ধানহীন দুই কিশোৰ...

ডিজিটেল সংবাদ পাচিঘাটঃ চিয়াং নদীত অঘটন। চিয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ।

Advertisment

উল্লেখ্য যে সোমবাৰে পুৱতি নিশা ব’লবম উপলক্ষে চিয়াং নদীত গা ধুবলৈ কানায়া চাহানী আৰু গলু চাহানী নামৰ দুই কিশোৰ। ইয়াৰ পাছতে দুয়ো সন্ধানহানী হৈ পৰে।

সন্ধানহীন দুয়ো কিশোৰৰ ঘৰ জোনাইৰ উদয়পুৰত। সন্ধানহীন কানায়া চাহানী পৱন চাহানীৰ পুত্ৰ আৰু গলু চাহানী ৰাজশ চাহানীৰ পুত্ৰ।

এই দুয়ো কিশোৰ জোনাইৰ পৰা পাচিঘাটলৈ বাব মন্দিৰ দৰ্শনৰ বাবে পিতৃ আৰু অন্যান্য লোকৰ সৈতে ব’লবম যাত্ৰা কৰিছিল। ইয়াৰ পাছত পুৱতি নিশা দুয়ো কিশোৰ আন আন লোকৰ সৈতে গা ধুবলৈ চিয়াং নদীত নামে। তাৰ পাছতে দুয়ো সন্ধানহীন হৈ পৰে।

Also Read: কাছাৰ আৰক্ষীৰ সফলতাঃ ড্ৰাগছসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...

চিয়াং নদী