গোগামুখৰ লটাক আৰু নৱোৰাথানত তৃৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী সভা

গোগামুখৰ লটাক আৰু নৱোৰাথানত তৃৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী সভা

author-image
Asomiya Pratidin
New Update
গোগামুখৰ লটাক আৰু নৱোৰাথানত তৃৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী সভা

ডিজিটেল সংবাদ,ধেমাজি : অহা ১৯ এপ্ৰিলত প্ৰথম পৰ্য্যায়ত অনুষ্ঠিত হ'ব লগা লোকসভাৰ নিৰ্বাচনলৈ শাসকীয় দলৰ প্ৰাৰ্থীৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে ৷ দেওবাৰে ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ বাবে তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী ঘন চুতীয়াক জয়ী কৰাবলৈ দলৰ সভাপতি ৰিপুণ বৰাই গোগামুখৰ লটাক পঞ্চায়ত আৰু নৱোৰাথান পঞ্চায়তত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

Advertisment

উক্ত সভাত তৃণমূল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, কংগ্ৰেছ দল নিঃশেষ হোৱাৰ দিশে আগবাঢ়িছে ৷ উজনিৰ পৰা নামনিলৈ এজন এজনকৈ কংগ্ৰেছ দলৰ নেতা- কৰ্মীয়ে শাসকীয় বিজেপি দললৈ গমন কৰাৰ সমান্তৰালভাৱে খোদ কংগ্ৰেছ দলটোৰ সভাপতিগৰাকীয়েই বিজেপিত যোগদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে ৷

লগতে কয় যে, শাসকীয় বিজেপি চৰকাৰ, দলৰ স্বেচ্ছাচাৰীতা আৰু একনায়কত্ববাদে সৰ্বসাধাৰণ ৰাইজৰ জীৱন বিপযৰ্ত কৰি তুলিছে ৷ ইয়াৰ বিপৰীতে তৃণমূল কংগ্ৰেছক বিকল্প শক্তি হিচাপে অসমৰ ৰাইজে আদৰি লৈছে বুলি তেওঁ মন্তব্য কৰে ৷

শাসকীয় দল বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ আৰু তেওঁৰ ১৭ বছৰীয়া পুত্ৰৰ নামতো অজস্ৰ সা-সম্পত্তিৰ গৰাকী হোৱাৰ বিপৰীতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে মুখ্যন্ত্ৰী হোৱা পিছতো এগৰাকী সাধাৰণ মহিলাৰ দৰে জীৱন কটোৱাটোৱে প্ৰকৃত ৰাজনৈতিক নীতি আদৰ্শক সূচায় বুলি বৰাই উল্লেখ কৰে ৷ নিৰ্বাচনী সভাত লখিমপুৰ লোকসভাৰ প্ৰাৰ্থী ঘন চুতীয়া, তৃণমূল প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ পলাশী দাস, তৃণমূল প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অতুল দত্ত উপস্থিত থাকে।

ইয়াৰোপৰি প্ৰদেশ তৃণমূল যুৱ কংগ্ৰেছৰ সম্পাদক ৰাহুল চাউহা,ধেমাজি জিলা তৃণমূল মহিলা কংগ্ৰেছৰ সভানেত্ৰী নিকুমনি শইকীয়া, ধেমাজি জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি বাবুল সোনোৱাল আৰু সম্পাদক ঋতুৰাজ ফুকনকে ধৰি ধেমাজি ,লখিমপুৰ জিলাৰ বহু কেইগৰাকী তৃণমূল কংগ্ৰেছ দলৰ বিষয়- ববীয়া আৰু দলীয় কৰ্মীয়ে উপস্থিত থাকে ৷

Also Read: মধুকুছিত হৰদত্ত বীৰদত্ত স্বৰ্ণ শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন

gogamukh ripun bora Trinamool Congress