সোণাপুৰ উচ্ছেদঃ ধেমাজি জিলা ট্ৰাইবেল সংঘৰ বিজয় উংসৱ পালন...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনালে ধন্যবাদ

author-image
Asomiya Pratidin
New Update
সোণাপুৰ উচ্ছেদঃ ধেমাজি জিলা ট্ৰাইবেল সংঘৰ বিজয় উংসৱ পালন...

সোণাপুৰ উচ্ছেদঃ ধেমাজি জিলা ট্ৰাইবেল সংঘৰ বিজয় উংসৱ পালন...

ডিজিটেল সংবাদ ধেমাজিঃ দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্ট ব্লকৰ অন্তৰ্গত সোণাপুৰ কচুতলিত অবৈধ বে-দখলকাৰীক উচ্ছেদ কৰা কাৰ্যক ধেমাজি জিলা ট্ৰাইবেল সংঘই আদৰণি জনোৱাৰ লগতে সোমবাৰে বিয়লি সংঘই বিজয় উৎৱস পালন কৰে ৷

Advertisment

এই উপলক্ষে ধেমাজি জিলা ট্ৰাইবেল সংঘৰ কাৰ্য্যালয়ত সোমবাৰে বিয়লি বিজয় উৎসৱ পালন কৰে ৷ ধেমাজি জিলা ট্ৰাইবেল সংঘৰ সভাপতি দেৱ কছাৰী আৰু সাধাৰণ সম্পাদক জীৱন চন্দ্ৰ পায়েঙে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি ১২০০ বিঘা ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰা কাৰ্যক আদৰণি জনায় ৷

ইয়াৰোপৰি অসমৰ ৪৭ টা ট্ৰাইবেল্ট এণ্ড ব্লকৰ পৰা সন্দেহযুক্ত অবৈধ নাগৰিকক উচ্ছেদ কৰিবলৈও মুখ্যমন্ত্ৰীক আহ্বান জনায় ধেমাজি জিলা ট্ৰাইবেল সংঘই ৷

Also Read: সোণাপুৰৰ ট্ৰাইবেল ব্লকত বেদখল উচ্ছেদ অভিযান : নগাঁৱত বিজয় উৎসৱ পালন...

ট্ৰাইবেল সংঘ সোণাপুৰ উচ্ছেদ