চিলাপথাৰৰ ক্ৰীড়া আৰু শৈক্ষিক ক্ষেত্ৰখন উকা কৰি বৈকুণ্ঠ গমন কৰিলে টিপেশ্বৰ গগৈয়ে

বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ ক্ৰীড়া আৰু শৈক্ষিক ক্ষেত্ৰখনত দপ দপাই থকা বিশিষ্ট নাগৰিক টিপেশ্বৰ গগৈয়ে সোমবাৰে বাৰ্ধক্য জনীত কাৰণত ইহ সংসাৰৰ পৰা চিৰবিদায় মাগিলে।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰৰ ক্ৰীড়া আৰু শৈক্ষিক ক্ষেত্ৰখন উকা কৰি বৈকুণ্ঠ গমন কৰিলে টিপেশ্বৰ গগৈয়ে 

ডিজিটেল সংবাদ চিলাপথাৰঃ বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ ক্ৰীড়া আৰু শৈক্ষিক ক্ষেত্ৰখনত দপ দপাই থকা বিশিষ্ট নাগৰিক টিপেশ্বৰ গগৈয়ে সোমবাৰে বাৰ্ধক্য জনীত কাৰণত ইহ সংসাৰৰ পৰা চিৰবিদায় মাগিলে। তেওঁ ৮৭ বছৰ বয়সত সকলোকে কন্দুৱাই চিলাপথাৰ মেডিকেল পথস্থিত নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। 

Advertisment

লক্ষ্যনীয়‌ যে অঞ্চলটোত আমৃত্যু পৰ্যন্ত বিভিন্ন সামাজিক কাম-কাজত আত্মনিয়োগ কৰি অহা টিপেশ্বৰ গগৈয়ে ১৯৫৮ চনত মেট্ৰিক আৰু পৰবৰ্তী সময়ত লাভ কৰে স্নাতক ডিগ্ৰী। সুদীৰ্ঘ বছৰে চিচিবৰগাঁও উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি ১৯৯৯ চনত অধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰে। 

চিলাপথাৰৰ ক্ৰীড়া আৰু শৈক্ষিক ক্ষেত্ৰখন উকা কৰি বৈকুণ্ঠ গমন কৰিলে টিপেশ্বৰ গগৈয়ে 

এজন নামজলা খেলুৱৈ ৰেফাৰী তথা ক্ৰীড়া সংগঠক হিচাপে পৰিচিত লোকজনে অৱসৰৰ পিছতো ঘৰত বহি নাথাকিল। চিলাপথাৰৰ মাষ্টাৰ এথলেটিকছ সন্থা প্ৰতিষ্ঠা কৰি অব্যাহত ৰাখিলে অনুশীলন। 

মাষ্টাৰ্ছ এথলীট হিচাপে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত খেলত ভাগ লৈ লাভ কৰে অজস্ৰ পদক। ১৯৯৭ চনত দক্ষিণ আফ্ৰিকাৰ ডাৰ্বানত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথ'লেটিকছত ব্ৰঞ্জৰ পদক লাভ কৰি দেশৰ নাম জিলিকালে। 

চিলাপথাৰৰ ক্ৰীড়া আৰু শৈক্ষিক ক্ষেত্ৰখন উকা কৰি বৈকুণ্ঠ গমন কৰিলে টিপেশ্বৰ গগৈয়ে 

তদুপৰি অসম সাহিত্য সভা, ফ্ৰালুং সমিতি, জ্যেষ্ঠ নাগৰিক সন্থা, কেন্দ্ৰীয় ব'হাগী মেলা, মে-ডাম-মেফী আদি অনেক অনুষ্ঠানৰ সৈতে জৰিত আছিল প্ৰয়াত গগৈ। বহু কলেজ-স্কুলৰ প্ৰতিষ্ঠাত তেওঁৰ অৰিহনা আছিল অসীম।

আজি বিয়লি নিজা ঘৰৰ চৌহদতে বিভিন্ন জাতি, জনগোষ্ঠীৰ অনেক গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰে লোকজনৰ। মৃত্যুৰ সময়ত তেওঁ চাৰিপুত্ৰ-দুই জীৰ লগত বহু আত্মীয়ক ইহলোকত এৰি থৈ গৈছে। তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

চিলাপথাৰ