চিলাপথাৰত একে দিনাই মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৩ খনকৈ আঁচনি উদ্বোধন...

কথা দি কথা ৰাখিলে মিচিং পৰিষদৰ পাৰিষদ জয়গেশ্বৰ কুটুমে।সকলোকে আগুৱাই নিয়াৰ সংকল্পৰে একেটা দিনতে তিনিখন আঁচনি উদ্বোধন।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত একে দিনাই মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৩ খনকৈ আঁচনি উদ্বোধন...

ডিজিটেল সংবাদ, চিলাপথাৰঃ সকলোকে সমান্তৰাল ভাৱে আগুৱাই নিয়াৰ সংকল্পৰে একেটা দিনতেই বহু কেইখন আঁচনি উদ্বোধন কৰে মিচিং পৰিষদৰ পাৰিষদ জয়গেশ্বৰ কুটুমে । নিৰ্বাচনৰ পূৰ্বে এম এ চি এলেকাধীন সকলো গাঁওতে উন্নয়নৰ প্ৰতিশ্ৰুতি দিছিল পাৰিষদগৰাকীয়ে ।

Advertisment

উন্নয়নৰ প্ৰতিশ্ৰুতিৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ১১ নং উজনি চিচিটঙানি সমষ্টিৰ কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত হৈ জয়গেশ্বৰ কুটুমে দেওবাৰে একেইটা দিনতে মিচিং অধ্যুষিত নোহোৱা স্থানত তিনিখনকৈ আঁচনি উদ্বোধন কৰে।

সমষ্টিটোৰ গেলুৱাত হাতত লোৱা আঁচনি তিনিখন হ'ল ক্ৰমে গেলুৱা ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ, গেলুৱা হৰি মন্দিৰ আৰু স্বাস্থ্য উপকেন্দ্ৰৰ চাৰি সীমাৰ বেৰা নিৰ্মাণ। এই আঁচনিৰ বাবদ ধাৰ্য কৰা হৈছে প্ৰায় ২৫ লাখ টকা।

পৰিষদৰ জনৰ পদক্ষেপক শলাগ জনাইছে অঞ্চল কেইটাৰ ৰাইজে । আঁচনিৰ কাম খৰতকীয়া আৰু উন্নত মানৰে সম্পন্ন কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে।

Also Read: গোসাইগাঁৱত এজনক দলবদ্ধ আক্ৰমণঃ আটক সাতজনক...

Inauguration sheme