/asomiyapratidin/media/media_files/2025/04/16/lJyAWQht65hTGPIt8fwu.jpg)
ডিজিটেল সংবাদ চিলাপথাৰঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিচিবৰগাঁও গড়মৰাত এগৰাকী যুৱতীৰ সন্দেহজনক আত্মহত্যাৰ ঘটনাক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰাপ্ত খবৰ মতে সোমবাৰে গাঁওখনৰ পুনিল চুতীয়াৰ পৰিয়ালে কন্যা কুঁহি চুতীয়াই (১৭)আত্মহত্যা কৰা বুলি ৰাইজক জানিবলৈ দিয়ে।
ঘটনাৰ খবৰ পাই যুৱতীৰ মৃতদেহ চাবলৈ আহি দেখি আচৰিত হৈ পৰে স্থানীয় ৰাইজ। কুঁহিৰ ভৰিৰ পৰা পিঠি, ডিঙিলৈকে সৰ্বত্ৰ আঘাতৰ স্পষ্ট চিন।তাৰ পাছতে বৰ দেউতা, পিতৃ আৰু মাহীমাকে কুঁহিক চৰম নিৰ্যাতন চলাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি ৰাইজে অভিযোগ কৰিছে।
আৰক্ষীৰ উপস্থিতিৰ অবিহনেই যুৱতীৰ মৃতদেহ কিয় নমালে বুলিও প্ৰশ্ন কৰিছে। সমস্ত ঘটনাত কুঁহিৰ বৰদেউতাক, পিতৃ আৰু মাহীমাক জড়িত বুলি সন্দেহ কৰিছে। উল্লেখ্য যে, বৰদেউতাকে এসময়ত কুঁহিৰ মাতৃক নৃশংসভাৱে হত্যা কৰিছিল।অলপতে তেওঁ কাৰাগাৰৰ পৰা ওলাই আহিছিল। ৰাইজে অভিযোগ কৰিছে তেওঁৱেই ভতিজা কুঁহিৰ প্ৰাণ লৈছে।
সেয়ে এই ঘটনাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। কুঁহি চিচিবৰগাওঁ বিজ্ঞান মহাবিদ্যালয়ৰ উচ্চত্তৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত আজি পুৱাতেই গাঁওবাসীয়ে চিলাপথাৰ থানাত উপস্থিত হৈ ঘটনাত জড়িত দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।