/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3ca36138-277d-441d-b98e-0f44a6d0785b/dhemaji 30.jpg)
ধেমাজিত চিকিৎসকৰ অভব্য আচৰণঃ জিলা আয়ুক্তৰ কাষ চাপিল শিক্ষয়িত্ৰী...
ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি তিনি আলিস্থিত ধেমাজি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ ৰাজ কুমাৰ টায়ে সোমবাৰে চিকিৎসাৰ বাবে অহা শিক্ষয়িত্ৰী এগৰাকীৰ গালৈ থু-পেলাই দি অপদস্থ কৰা ঘটনাই ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ঘটনাৰ তথ্য মতে সোমবাৰে বিয়লি জয়শ্ৰী শইকীয়া নামৰ শিক্ষয়িত্ৰীগৰাকীক কুকুৰে কামোৰাত চিকিৎসাৰ বাবে ধেমাজি নগৰ স্বাস্থ্য কেন্দ্ৰলৈ আহিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d698da6e-c3e2-4c7f-ba86-3321a5719148/a9728cf3-8208-461f-bf0e-ef07dbe15b90.jpg)
স্বাস্থ্য কেন্দ্ৰত শিক্ষয়িত্ৰীগৰাকীয়ে চিকিৎসক ডাঃ ৰাজকুমাৰ টায়েক দেখোৱাৰ পিছত চিকিৎসকজনে পৰীক্ষা কৰি তেওঁৰ পৰামৰ্শ আগবঢ়ায় ৷ চিকিৎসকজনে শিক্ষয়িত্ৰীগৰাকীক দিয়া প্ৰেছক্ৰিপছনত লিখা আছিল যদিও চিকিৎসকজনৰ আখৰ ধৰিব নোৱাৰি ভেকচিনটোৰ নাম জানিবলৈ বিচাৰে।
সেয়াই শিক্ষয়িত্ৰীগৰাকীৰ বাবে হ'ল অপৰাধ। শিক্ষয়িত্ৰীগৰাকীয়ে ভেকচিনৰ বিষয়ে প্ৰশ্ন কৰাৰ পাছতেই চিকিৎসক টায়ে খঙত উত্তেজিত হৈ তৰ্কত লিপ্ত হয়। অভিযোগ অনুসৰি চিকিৎসকজৱে ডাঃ ৰাজকুমাৰ টায়ে শিক্ষয়িত্ৰীগৰাকীক গালি গালাজো কৰে আৰু সকলো সীমা অতিক্ৰম কৰি তেওঁৰ গালৈ থুৱাই দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/450270af-8b93-45ac-8125-9a94dbc7214c/1245b47d-14e3-4f07-ab65-7e93aa1343a3.jpg)
ফলত শিক্ষয়িত্ৰী জয়শ্ৰী শইকীয়াই পিন্ধি যোৱা কাপোৰত পিক লাগি লেতেৰা হৈয়ো পৰে। চিকিৎসক টায়েৰ এনে অভব্য আচৰণত উপায়ন্তৰ হৈ বিয়লিলৈ ধেমাজি জিলা আয়ুক্তৰ ওচৰত চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলি লিখিত অভিযোগ দাখিল কৰিছে ৷
ইফালে চিকিৎসক ডাঃ ৰাজ কুমাৰ টায়েৰ বিৰুদ্ধে এনে অভিযোগ এয়াই প্ৰথম নহয়। পূৰ্বেও তেওঁ এনেদৰে কেইবা স্থানতো অভব্য আচৰণ কৰাৰ গুৰুতৰ অভিযোগ আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b5e6e2e6-7390-43cb-95f9-59b1d1203af1/81d27091-a342-4627-a14b-e19c9ef13800.jpg)
Also Read: কেৰালা ট্ৰেজেডীঃ ভাৰতীয় সেনা, নৌসেনা, NDRF সকলো নামিছে উদ্ধাৰ অভিযানত...