/asomiyapratidin/media/media_files/2025/01/23/3lPJjr64JPhH6eMmm2oj.jpg)
ডিজিটেল সংবাদ চিলাপথাৰঃ ২০২০ চনৰ ২৩ ডিচেম্বৰত কাশ্মীৰৰ শ্ৰীনগৰত কৰ্তব্যৰত অৱস্থাত সন্ত্ৰাসবাদীৰ গ্ৰেণেড বিস্ফোৰণত ছহিদ হৈছিল ১১৫ নং চি আৰ পি এফ বেটেলিয়নৰ জোৱান, চিচিবৰগাঁৱৰ গেলুৱাৰ মৃত্যুঞ্জয় চুতীয়াৰ । বুধবাৰে ছহিদ মৃত্যুঞ্জয়ৰ গেলুৱাস্থিত বাসভৱনত উপস্থিত হয়হি চি আৰ পি এফৰ ডিব্ৰুগড় ৰেঞ্জৰ ডি আই জি প্ৰভাকৰ ত্ৰিপাঠী ।
উপ মহাপৰিদৰ্শকগৰাকী মৃত্যুঞ্জয়ৰ ঘৰত উপস্থিত হৈয়েই ছহিদগৰাকীৰ পিতৃ-মাতৃৰ স্বাস্থ্যৰ খা-খবৰ লোৱাৰ লগতে, উপহাৰ প্ৰদান কৰে। তাৰোপৰি তেওঁ ছহিদগৰাকীৰ পৰিয়ালে কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি সেই বিষয়েও বুজ লয়।
ইয়াৰ পিছতে তেওঁ সমৱেত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত অন্তৰংগ আলাপ কৰে ।ডি আই জি গৰাকীৰ লগত অহা সকলো জোৱানে ছহিদগৰাকীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ডি আই জি গৰাকীয়ে সংবাদিকৰ আগত কয়, ছহিদ মৃত্যুঞ্জয় চুতীয়া চি আৰ পি এফ পৰিয়ালৰ সদস্য আছিল। সেইবাবে মৃত্যুঞ্জয়ৰ পৰিয়ালটোও চি আৰ পি এফৰ পৰিয়ালৰে সদস্য।
তেওঁ পৰিয়ালৰ সদস্যসকলৰ সমস্যাৰ বাতৰি লোৱাতো তেওঁলোকৰ কৰ্তব্য আৰু সেই কৰ্তব্য পালনৰ বাবেই মৃত্যুঞ্জয়ৰ ঘৰত আহি উপস্থিত হৈছেহি বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। উল্লেখ্য যে, চি আৰ পি এফৰ ১৭১ বেটেলিয়নৰ কামাণ্ডেণ্ট সমীৰ কুমাৰ শ্ৰীৱাস্তৱ, ছেকেণ্ড-ইন কামাণ্ড আৰ এন চৌধুৰী, ডেপুটি কামাণ্ডেণ্ট ৰাজেশ কুমাৰ, এচিষ্টেণ্ট কামাণ্ডেণ্ট ৰাম নৰেশকে ধৰি বহু চি আৰ পি এফৰ বিষয়া জোৱানে সহযোগ কৰে ।