ডিজিটেল সংবাদ ধেমাজি: লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ সাংবাদিক, লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ অধ্যক্ষ, সত্ৰীয়া সংস্কৃতিৰ সাধক সুৰজিৎ ভূঞাৰ মৃত্যুত ধেমাজি প্ৰেছ ক্লাৱ আৰু ধেমাজি জিলা সাংবাদিক সংস্থাই গভীৰ শোক প্ৰকাশ কৰিছে ৷ শুকুৰবাৰে বিয়লি ৫ বজাত ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শোক সভাত প্ৰয়াত জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত ক্লাৱৰ সাংবাদিক সকলে শোক প্ৰকাশ কৰে।
তাৰোপৰি ভূঞাৰ সাংবাদিক, সামাজিক আৰু সাংস্কৃতিক কৰ্ম জীৱনৰ কাৰ্য্যৱলীকলৈ আলোকপাত কৰাৰ লগতে সেই দিশসমূহ সোঁৱৰি সভাত বক্তব্য ৰাখে জ্যেষ্ঠ সাংবাদিক তথা ধেমাজি প্ৰেছ ক্লাৱৰ উপদেষ্টা দিলীপ কুমাৰ হাজৰিকা, অসম বাৰ্তাজীৱী সংঘৰ উত্তৰ পূৰ্ব মণ্ডলৰ উপ- সভাপতি ভাস্কৰ সভাপণ্ডিত, ধেমাজি জিলা সাংবাদিক সংস্থাৰ সম্পাদক জীৱন কোঁৱৰ, ধেমাজি প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদকদ্বয় জিতু শইকীয়া আৰু হৰেন্দ্ৰ নাথ শৰ্মা, জ্যেষ্ঠ সাংবাদিক দিপেন ভিতৰুৱা কোঁৱৰ, সাংবাদিক মনবিকাশ বৰগোহাঁই, জয়ন্ত বৰা, পৱন বৰুৱাকে ধৰি বহুকেইগৰাকী সাংবাদিকে ৷
সভাৰ আৰম্ভণিতে মৃতকৰ প্ৰতি শ্ৰদ্ধা জনাই এক মিনিট সময় ধৰি মৌন প্ৰাৰ্থনা কৰা হয় ৷ সভাৰ শেষত এক প্ৰস্তাৱ যোগে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনোৱা সিদ্ধান্ত গ্ৰহন কৰে৷