![ডিমৌ নদীত গা ধুবলৈ গৈ যুৱকৰ আকস্মিক মৃত্যু...](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2025/01/01/KpVyAXxDsm03ahyjTudk.jpg)
ডিজিটেল সংবাদ চিলাপথাৰঃ নৱবৰ্ষৰ পহিলা দিনাই চিলাপাথৰৰ মাজৰে বৈ অহা পাহাৰীয়া ডিমৌ নদীত সংঘটিত হ'ল এক শোকাবহ অঘটন। ডিমৌৰ দেৱৰাজ মিলি (৩০) নামৰ এজন যুৱ ব্যৱসায়ীৰ অকাল মৃত্যু ঘটিল।
চিলাপথাৰ ডিমৌ চাৰিআলিৰ নিবাসী স্বৰ্গীয় নৰেন মিলিৰ পুত্ৰ ৰজনী ওৰফে দেৱৰাজ মিলিয়ে আজি ১১ বজাত ডিমৌ নদীত গা ধুবলৈ যায়। সমনীয়াৰ সৈতে যুৱকজনে হাঁহি ফূৰ্তিৰে গা ধুই থকা অৱস্থাতে হঠাৎ তেওঁ অসুস্থ অনুভৱ কৰি পানীত পৰি যায়।
পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিলাপথাৰ মডেল হাস্পতাললৈ নিয়ে যদিও চিকিৎসাৰ পূৰ্বেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ ডিমৌ চাৰিআলিত ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া যুৱকজনৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে অঞ্চলবাসীক মৰ্মাহত কৰি তুলিছে।
ডিমৌ ছিনিয়ৰ ছেকেণ্ডাৰীৰ প্ৰাক্তন ছাত্ৰ আছিল প্রয়াত দেৱৰাজ। তেওঁৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ডিমৌ চাৰিআলিৰ ব্যৱসায়ীসকলে সকলো দোকান- পোহাৰ দিনটোৰ বাবে বন্ধ ৰাখে। অমায়িক আৰু সকলোৰে প্ৰিয়পাত্ৰ যুৱ ব্যৱসায়ী জনে মৃত্যুৰ সময়ত পত্নীসহ দুটি পুত্ৰৰ লগতে বহু আত্মীয় লোকক ইহসংসাৰত এৰি থৈ যায় ৷
যুৱক জনে একালত অধ্যয়ন কৰা ডিমৌ ছিনিয়ৰ ছেকেণ্ডাৰী পৰিয়ালে ঘটনাত গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোক বিহ্বল পৰিয়াল বৰ্গলৈ সমাদেনা জ্ঞাপন কৰিছে।