/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f77e3ad8-aff5-4f15-be39-39dbbe8e8415/Sonowal.jpg)
ডিজিটেল সংবাদ, ধেমাজি : সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম, ষ্টাৰ আৰু ডিষ্টিংচন লাভ কৰা কৃতি ছাত্র-ছাত্ৰীৰ লগতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ডৰ পৰীক্ষাত দশম শ্ৰেণীত ৬০ শতাংশ নম্বৰ লাভ কৰা কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/cd21f838-a1b8-4396-884b-e852f8876510/3567dd69_f688_45a8_af28_e541aed41074.jpg)
ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুপৱন সোনোৱালৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনিত আদৰণি ভাষণ আগবঢ়াই ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চন্দন কছাৰীয়ে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মৰাণ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° তুলসী সোনোৱাল, সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেং, সোনোৱাল কছাৰী সাহিত্য সভাৰ উপ সভাপতি হেৰম্ব প্ৰসাদ দাস, সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰিক্ষীত সোনোৱাল, সদৌ অসম সোনোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোনোৱাল, সোনোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোনোৱাল, আটাছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি বাবুল বুঢ়াগোহাঁই, ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি বিনোদ শইকীয়াই কৃতি শিক্ষাৰ্থীসকলক উদ্দেশ্যি গঠন মূলক ভাষণ আগবঢ়ায় ৷
সম্বৰ্ধনা অনুষ্ঠানত স্মাৰক গ্ৰন্থ প্ৰভাতী সূৰুয উন্মোচন কৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ উপ-সভাপতি হেৰম্ব প্ৰসাদ দাসে ৷ অনুষ্ঠানত এইবছৰ ধেমাজি জিলাৰ পৰা সোনোৱাল কছাৰী জনগোষ্ঠীৰ মাজত প্ৰথম বিভাগ, ষ্টাৰ আৰু ডিষ্টিংচন লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ১৬৭ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৫৭ গৰাকী কৃতি ছাত্র-ছাত্ৰীৰ লগতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ডৰ পৰীক্ষাৰ দশম শ্ৰেণীত ৬০ শতাংশ নম্বৰ লাভ কৰা ৬ গৰাকী কৃতি ছাত্র-ছাত্ৰীক গামোচা, মানপত্ৰ আৰু স্মাৰক গ্ৰন্থ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/dce523f1-af99-4cf7-9468-22431d9157cd/3555951c_873a_45d9_8ba6_0fb284977664.jpg)
সভাত সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ উপ সভাপতি ৰাজু সোনোৱাল, বিষ্ণু সোনোৱাল, তথ্য আৰু প্ৰচাৰ সম্পাদক প্ৰশান্ত বড়া, কাৰ্যালয় সম্পাদক প্ৰফুল্ল কছাৰী, সহকাৰী সাধাৰণ সম্পাদক নিপনজ্যোতি সোনোৱাল, শিক্ষা আৰু সাহিত্য সম্পাদক জিতু সোনোৱাল, ডিব্ৰুগড় জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি পবিত্ৰ সোনোৱাল, সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা,সোনোৱাল কছাৰী সাহিত্য সভাৰ সম্পাদক কল্পজিৎ সোনোৱাল, সহকাৰী সম্পাদিকা ভাৰতী বসুমতাৰী দাস বাঘ্ৰী,ধেমাজি জিলা সমিতিৰ সভাপতি ডাঃ পুণ্য বৰুৱা,ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ বহু সংখ্যক বিষয়ববীয়া, কেইবাখনো আঞ্চলিক সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক সকল উপস্থিত থাকে।