/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/21314d61-f765-481f-becf-1ccbc42ff7e0/dhemaji.jpg)
সভা
ডিজিটেল সংবাদ, ধেমাজিঃ ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ তৎপৰ বিজেপি ৷ মাহযোৰা অনুষ্ঠিত হৈ থকা জনসম্পৰ্কৰক্ষীৰ অংশ হিচাপে শনিবাৰে ধেমাজি জিলা বিজেপি কাৰ্য্যালয়ত অনুষ্ঠিত হয় চছিয়েল মেডিয়াৰ সভা । উক্ত সভাত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি আব্দুল কুটীয়ে। উপ-সভাপতিগৰাকী সভাত উপস্থিত হৈ নিজ বক্তব্যত কয় যে, "২০২৪ৰ নিৰ্বাচনৰ বাবে এইবাৰ মহাজোঁটৰ ১৯ টা বিৰোধী ৰাজনৈতিক দলে একত্ৰিত হৈ বিজেপিক হৰুৱাবৰ বাবে উঠি পৰি লাগিছে ৷" লগতে তেওঁ কয়, "মহাজোঁটৰ সমান্তৰালভাৱে ড্ৰাগছ মাফিয়াই বিজেপিৰ বিৰুদ্ধে উঠি পৰি লাগিছে ৷"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2bf78d5f-4cc9-4024-9747-54998475005d/cff582d8_8e85_45c6_8e11_12784ba4f191.jpg)
সেইবাবে উপ-সভাপতি গৰাকীয়ে সকলোকে একত্ৰিত হৈ বিৰোধীক ৰোধ কৰিবৰ বাবে নতুন ৰণ কৌশল প্ৰস্তুত কৰি যুৱ প্ৰজন্মক আকৰ্ষিত কৰাত গুৰুত্ব আৰোপ কৰিছে ৷ বিজেপিয়ে পূৰ্বতে গুৰুত্ব দি অহা চছিয়েল মেডিয়া ৱাটছ ৱাপ অথবা ফেচবুকৰ তুলনাত এইবাৰ আৰু অধিক জনপ্ৰিয় হোৱা আশাৰে চছিয়েল মেডিয়াত যুৱ প্ৰজন্মৰ মাজত সবাৰ্ধিক ৩০ চেকেণ্ড অথবা এক মিনিট পৰ্যন্ত ৰিল (REEL) বা ইনষ্ট্ৰাগ্ৰাম ব্যৱহাৰৰ জৰিয়তে প্ৰচাৰত গুৰুত্ব দিবলৈ বিজেপিৰ চছিয়েল মেডিয়াৰ কৰ্মীক নিৰ্দেশনা প্ৰদান কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি আব্দুল কুট্টীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d140a680-e7d7-4d6f-9139-fbc87b957aac/28b0a37a_8fe3_4eb2_9abd_31bb976e0085.jpg)
বিজেপিৰ ধেমাজি জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত লখিমপুৰ লোকসভাৰ চছিয়েল মেডিয়াৰ কাৰ্য-কৰ্তা সন্মিলনত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি গৰাকীয়ে কাৰ্য-কৰ্তাসকলক নতুন শ্লো'গান “মোডীজী ধন্যবাদ“ ৰাইজৰ মাজত ব্যাপক ৰূপত প্ৰচাৰৰ বাবে সকলোলৈকে আহ্বান জনায় ৷ কাৰ্য-কৰ্তা সন্মিলনত ১৪ নং লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, বিজেপিৰ ৰাজ্যিক কাৰ্য নিৰ্বাহক গোবিন শইকীয়া, ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ আৰু ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5b0d1c0d-626b-4ea5-81b4-75b66711c535/7e6ca7ef_7cff_4d77_923e_bee25f8f8ee8.jpg)
Also Read: যান বাহন আইন উলংঘাৰ ফলত টেঙাখাতত পথ দুৰ্ঘটনাত: আহত কেইবাজনো যাত্ৰী...