ষষ্ঠ অনুসূচী স্বায়ত্ব শাসনৰ দাবীত অৱস্হান ধৰ্মঘট পালন...

ষষ্ঠ অনুসূচী স্বায়ত্ব শাসনৰ দাবীত অৱস্হান ধৰ্মঘট পালন...

author-image
Asomiya Pratidin
New Update
ষষ্ঠ অনুসূচী স্বায়ত্ব শাসনৰ দাবীত অৱস্হান ধৰ্মঘট পালন...

ষষ্ঠ অনুসূচী স্বায়ত্ব শাসনৰ দাবীত অৱস্হান ধৰ্মঘট পালন...

ডিজিটেল সংবাদ ধেমাজিঃ ষষ্ঠ অনুসূচী স্বায়ত্ব শাসনৰ দাবীত তিনি জনগোষ্ঠীৰ সংগঠন ক্ৰমে সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা ,সদৌ অসম দেউৰী ছাত্ৰ সন্থা আৰু ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত মঙ্গলবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ১ বজাৰলৈকে দুই ঘন্টাতকৈ অধিক সময় ধৰি ধেমাজি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ কাৰ্য্যসূচীৰ মাজতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷

প্ৰতিবাদী সভাত সদৌ অসম সোনোৱাল ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক পৰীক্ষিত সোনোৱাল, সদৌ অসম দেউৰী ছাত্ৰ সন্হাৰ উপদেষ্টা ভাস্কৰ দেউৰী, উপ-সভাপতি প্ৰশান্ত দেউৰী, ধেমাজি জিলা দেউৰী ছাত্ৰ সন্হাৰ সভাপতি গৌতম দেউৰী,সম্পাদক বিমল দেউৰী, সদৌ অসম সোনোৱাল কাছাৰী সাহিত্য সভাৰ উপ-সভাপতি হেৰম্ব প্ৰসাদ দাস , মুখ্য সম্পাদক মৃদুল সোনোৱাল ,আৰু সদৌ অসম সোনোৱাল কছাৰী নাৰী সন্হাৰ সম্পাদিকা লাৱণ্য সোনোৱালকে ধৰি তিনি জনগোষ্ঠীয় সংগঠনৰ বহু কেইগৰাকী বিষয়াববীয়া উপস্থিত থাকে।

অসমৰ ভূমিপুত্ৰ তিনি জনজাতি জনগোষ্ঠীয় লোকসকলে দীৰ্ঘদিন ধৰি ৰাজনৈতিক,অৰ্থনৈতিক আৰু সামাজিক সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে দাবী কৰি আহিছে যদিও আজিলৈকে কোনো এখন চৰকাৰে বিষয়টোৰ প্ৰতি কোনো গুৰুত্বয়ে দিয়া নাই ৷ স্ব- গোষ্ঠীয় নামাকৰনে সংবিধানৰ ন্যাৰ্যপ্ৰাপ্তিৰ ষষ্ঠ অনুসূচী প্ৰদান কৰাৰ বাবে বহুবাৰ চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰি থকাৰ পিছতো আজি পৰ্যন্ত চৰকাৰে কোনো সহাৰি নিদিয়াত আন্দোলন কৰিবলৈ আমি বাধ্য হৈছো বুলি প্ৰতিবাদকাৰী সকলে উল্লেখ কৰে ৷

প্ৰতিবাদ স্হলীত প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাম নাই, বিজেপি চৰকাৰ হুচিয়াৰ, অসম চৰকাৰ হুচিয়াৰ, শিক্ষামন্ত্ৰী ৰনোজ পেগু গ'বেক ,সাংসদ প্ৰদান বৰুৱা গ'বেক,জনজাতি ঐক্য জিন্দাবাদ, আমাৰ দাবী ন্যাৰ্য দাবী,সংবিধানিক সুৰক্ষাযুক্ত ষষ্ঠ অনুসূচী স্বায়ত্ব শাসন কৰক ইত্যাদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে৷ ইফালে প্ৰতিবাদী স্হলীৰ পৰাই তিনি সংগঠনে চৰকাৰক অতিশীঘ্ৰেই ব্যৱস্থা নকৰিলে আগুন্তক লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে বুলি সকীয়াই দিছে ৷ তেওঁলোকে ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহন কৰিবলৈ বাধ্য হ'ব বুলিও উল্লেখ কৰে ৷

Also Read: ১০৭ গৰাকী সাংসদ,বিধায়কৰ বিৰুদ্ধে আছে ঘৃণামূলক ভাষণৰ গোচৰ: অধিকাংশ বিজেপিৰ...

ষষ্ঠ অনুসূচী