চিচিবৰগাঁৱত চুৰিকাণ্ডঃ খিৰিকীৰ গ্ৰিল ভাঙি চোৰে নিলে ৫ লক্ষাধিক টকাৰ সম্পত্তি...

চিচিবৰগাঁৱত চুৰিকাণ্ডঃ খিৰিকীৰ গ্ৰিল ভাঙি চোৰে নিলে ৫ লক্ষাধিক টকাৰ সম্পত্তি...

author-image
Asomiya Pratidin
New Update
চিচিবৰগাঁৱত চুৰিকাণ্ডঃ খিৰিকীৰ গ্ৰিল ভাঙি চোৰে নিলে ৫ লক্ষাধিক টকাৰ সম্পত্তি...

ডিজিটেল সংবাদ,চিচিবৰগাঁওঃ বিগত কিছুদিনৰ পৰা চিচিবৰগাঁৱত চলিছে চোৰৰ সন্ত্ৰাস। ইতিমধ্যে চোৰে তলা ভাঙি চিচিবৰগাঁও চাৰিআলিৰ কেইবাখনো দোকানত চুৰিকাণ্ড সংঘটিত কৰিছে। মঙলবাৰে নিশা চোৰে চিচিবৰগাঁও চাৰিআলিৰ মাজমজিয়াত থকা সন্তোষ বৰুৱা নামৰ লোকজনৰ ঘৰত লুটপাত চলায়।

Advertisment

ঘৰত মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে খিৰিকীৰ গ্রিল ভাঙি ভিতৰত চলালে লুটপাত। সন্তোষ বৰুৱাই জানিবলৈ দিয়া অনুসৰি চোৰে সোণৰ গহনা, বাচন-বৰ্তন, কাপোৰ-কানি, নগদ প্ৰায় ৭ হাজাৰ টকা সহ প্ৰায় ৫ লাখ টকাৰ সম্পত্তি চোৰে লুটি নিয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে চিচিবৰগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও সন্ধিয়ালৈ কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই ।

Also Read: ঢকুৱাখনাত অয়ন থিয়েটাৰৰ গ্ৰীষ্মকালীন কৰ্মশালা

Sisibargaon thieves