/asomiyapratidin/media/media_files/2025/07/06/1-2025-07-06-22-04-49.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰ বামগাঁওস্থিত ফাইন আৰ্টচৰ এণ্ড কম্পিউটাৰ একাডেমীৰ উদ্যোগত অনুষ্ঠিত আৰ্টচ কৰ্মশালাৰ আজি সফল সামৰণি পৰে। আজিৰ সামৰণি দিনটোত শিশু সকলে নিৰ্মাণ কৰা বিভিন্ন চিত্ৰ কৰ্ম,ক'লা ভাস্কৰ্য প্ৰদৰ্শন কৰে।
শিশু সকলে তৈয়াৰ কৰা ৰং বিৰঙি ক'লা ভাস্কৰ্য বোৰে উপস্থিত ৰাইজক বাৰুকৈ আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বিয়লি চিলি সূৰ্যোদয় হাইস্কুলৰ বিজ্ঞান শিক্ষক বুধিন ফুকনৰ সঞ্চালনত অনুষ্ঠিত মুকলি সভাত তাৎপৰ্য ব্যাখ্যা কৰে অনুষ্ঠানৰ অধ্যক্ষ ৰঞ্জিত চাংমাইয়ে।
সভাত ধেমাজি ফাইন আৰ্টছ একাডেমীৰ সঞ্চালক - অধ্যক্ষ সূৰ্য্য বৰুৱা আৰু ৰজনী সন্দিকিয়ে সম্প্রতিক সময়ত ম'বাইল ফোনৰ দুৰ্ব্যৱহাৰ আৰু ইয়াৰ ওপৰত শিশুৰ কু প্ৰভাৱৰ সন্দৰ্ভত সাৰুৱা বক্তব্য দাঙি ধৰে। শিশু সকলক ব্যস্ত কৰি ৰাখিবলৈ চিত্ৰ ক'লাৰ শিক্ষা প্ৰদানৰ বাবে অভিভাৱক ৰাইজক আহ্বান জনায়।
অনুষ্ঠানত উপস্থিত চিলাপথাৰৰ বিশিষ্ট সমাজ কৰ্মী ভাস্কৰ দুৱৰা,স্বাস্থ্য বিভাগৰ কৰ্মচাৰী তথা সচেতন ব্যক্তি সুশীল মৰাং আদি কেবাজনো লোকে সাম্প্ৰতিক সমস্যাত কলা আৰু ভাস্কৰ্য শিক্ষাৰ গুৰুত্বৰ ওপৰত সাৰুৱা ভাষণ দাঙি ধৰে। অনুষ্ঠানৰ শেষত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে প্ৰতিভোজনৰ আয়োজন কৰে।